শোণিতপুৰ, ০১ ছেপ্টেম্বৰ (হি.স.) এশ শতাংশ সাক্ষৰতাৰ লক্ষ্যৰে ভাৰত চৰকাৰে গ্ৰহণ কৰা নৱ ভাৰত সাক্ষৰতা মিছন কাৰ্যসূচীৰ জৰিয়তে দেশৰ সকলো অনাক্ষৰী লোকক সাক্ষৰ কৰি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে ‘সাক্ষৰতা সপ্তাহ’ ৷ আজি তেজপুৰতো জিলা সাক্ষৰতা মিছন কতৃৰ্পক্ষৰ সদস্য সচিব তথা শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসৰ তৎপৰতাত এই সাক্ষৰতা সপ্তাহৰ আৰম্ভণি অনুষ্ঠান সম্পন্ন হয় তেজপুৰৰ জিলা সাক্ষৰতা মিছনৰ কাৰ্যালয়ত৷
শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক তথা গাভৰু শিক্ষাখণ্ডৰ শিক্ষা বিষয়া নিলোৎজ্বল শৰ্মাই সাক্ষৰতা সপ্তাহৰ শুভাৰম্ভণিৰ পতাকা উত্তোলন কৰে জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ৷ বিশিষ্ট অতিথি হিচাপে তেওঁ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে ৷ জিলা শিক্ষা পৰিকল্পনা বিষয়া মনোজ বোথ্ৰা আৰু কৃষ্ণ কান্ত ডেকাই নিজৰ ভাষণত সাক্ষৰতা অভিযান সফল কৰিবলৈ সমাজৰ সকলো স্তৰৰ ব্যক্তিক জড়িত হোৱাতো প্ৰয়োজন বুলি সদৰি কৰে ৷
উল্লেখ্য যে ,এই মিছনৰ অধীনত শোণিতপুৰ জিলাত চলিত বৰ্ষত ১৩০ টা কেন্দ্ৰত ১৫২ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অবৈতনিকভাৱে বিভিন্ন অঞ্চলত ইতিমধ্যে ৫৬৫৩ গৰাকী অনাক্ষৰী লোকক শিক্ষাদান কৰি আছে ৷ এই মিছনৰ অধীনত বিশ্বনাথ জিলাত চলিত বৰ্ষত ১৫৭ কেন্দ্ৰত ১৪৯ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অবৈতনিকভাৱে বিভিন্ন অঞ্চলত ইতিমধ্যে ৪৭৬৪ গৰাকী অনাক্ষৰী লোকক শিক্ষাদান কৰি আছে৷ আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাই সকলোৱে একেলগে নিৰক্ষৰ লোকক সাক্ষৰ কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি অৱগত কৰে ৷
শোণিতপুৰ জিলা সাক্ষৰতা মিছনৰ অধীনত জিলাৰ সমলব্যক্তি অনামিকা গগৈৰ নেতৃত্বত এসপ্তাহ ধৰি শোণিতপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত সাক্ষৰতা সপ্তাহৰ উপলক্ষে সজাগতা সভা, আলোচনা চক্ৰ আয়োজন কৰা হৈছে৷ চাহ বাগিচা অঞ্চলত বিশেষভাৱে বেনাৰ, পোষ্টাৰ সহ শোভাযাত্ৰা, সজাগতা সভা পতাৰ ব্যৱস্থা কৰা হৈছে৷ বিভিন্ন অঞ্চলত, তথ্যচিত্ৰ আদি পৰিৱেশন কৰি সজাগতা সৃষ্টি ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সভাত জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰ সমল ব্যক্তি নিপজ্যোতি শইকীয়া আৰু ঋতুস্মিতা শইকীয়াও উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ