শোণিতপুৰ, ০১ ছেপ্তেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু তেজপুৰ উত্তৰ আঞ্চলিক যুৱ শিশু বিকাশ কেন্দ্ৰৰ সহযোগত যোৱাকালি দেওবাৰে তেজপুৰত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ দেৱদামোদৰ-ভট্টদেৱক গীতে - মাতে স্মৰণ কৰাৰ লগতে এখনি কৰ্মশালা সম্পন্ন হয় । কৰ্মশালা খন উদ্বোধন কৰি মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ মাৰ্গদৰ্শক তথা বিশিষ্ট সাহিত্যিক,পুৰাতত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ আৰু ভট্টদেৱৰ কৰ্মৰাজীৰ বিষয়ে অতি সৰল ভাষাত প্ৰশিক্ষাৰ্থী সকল উপকৃত হব পৰাকৈ ব্যক্তব্য ৰাখে।
অনুষ্ঠানটিৰ আৰম্ভণিতে সংঘৰ শোণিতপুৰ জিলা সমিতিৰ মাৰ্গদৰ্শক তথা বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই গুৰু দুজনাৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰে আৰু তেখেতক সহযোগ কৰে মাৰ্গদৰ্শক প্ৰভাত গোস্বামী আৰু জিলা সংঘাধিকাৰ অৰণ কুমাৰ শৰ্মাই। বিয়লি তেজপুৰ দাধৰা বামুন চুবুৰীৰ তেজপুৰ উত্তৰ আঞ্চলিক যুৱ শিশু বিকাশ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানত আদিধাম পাটবাউসী সত্ৰৰ সাধাৰণ সম্পাদক তথা মহাপুৰুষ শ্ৰী মৎ দেৱ দামোদৰ সংঘৰ কেন্দ্ৰীয় সহঃ সংঘাধিকৰ্তা বিপুল গোস্বামী উপস্থিত হৈ গুৰু দুজনাৰ গীত সমুহ এনেদৰে জিলা খনৰ সকলো অঞ্চলত একোখনকৈ কৰ্মশালাৰ আয়োজন জৰিয়তে প্ৰচাৰ কৰাত গুৰিত্ব প্ৰদান কৰে।
গুৰু দুজনাৰ গীতৰ সংকলন সকলোৱে বিনামূলীয়াকৈ প্ৰদান কৰাৰ ক্ষেত্ৰটো প্ৰদক্ষেপ গ্ৰহণৰ কথা তেওঁ অৱগত কৰে। কৰ্মশালাখনত তেজপুৰৰ বিশিষ্ট লেখক তথা সংঘৰ সদস্য ক্ৰমে নবীন চন্দ্ৰ লহকৰ, মহৎ লহকৰ, ভূপেন বৰদলৈ, নিৰুপমা শইকীয়া , ৰমেন শৰ্মা,অচ্যুত শৰ্মা, নৱকৃষ্ণ গোস্বামী, মিনতি শৰ্মা, ৰমনী মোহন ভৰালী, ভূপেন শৰ্মাকে আদিকৰি বহু সংখ্যক লোক উপস্থিত থাকে । অনাতাঁৰ শিল্পী লক্ষহীৰা দাসে প্ৰশিক্ষণ দিয়া কৰ্মশালাখনত স্থানীয় অৰ্ধশাতাধিক শিশু, যুৱক, আই- মাতৃয়ে অংগ্ৰহন কৰে। এদিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাত ভাগ লোৱা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে একোখনকৈ অংগ্ৰহন পত্ৰ প্ৰদান কৰা হয় বুলি জিলা সংঘাধিকৰ্তা ডাঃ যুগল কৃষ্ণ ডেকাই জানিব দিছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ