জাপানৰ আকানে ইয়ামাগুচিৰ তৃতীয়বাৰৰ বাবে বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল
নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। পেৰিছত অনুষ্ঠিত হোৱা বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মহিলা একক ফাইনেলত জাপানৰ আকানে ইয়ামাগুচিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চীনৰ প্ৰাক্তন বিশ্ব নম্বৰ ১ নং চেন ইউফেইক ২১-৯, ২১-১৩ ব্য়ৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰি তৃ
जापान की अकाने यामागुची


নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। পেৰিছত অনুষ্ঠিত হোৱা বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মহিলা একক ফাইনেলত জাপানৰ আকানে ইয়ামাগুচিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চীনৰ প্ৰাক্তন বিশ্ব নম্বৰ ১ নং চেন ইউফেইক ২১-৯, ২১-১৩ ব্য়ৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে বিশ্ব খিতাপ দখল কৰে।

পঞ্চম ছিড ইয়ামাগুচিয়ে মাত্ৰ ৩৭ মিনিটত খেলখন সমাপ্ত কৰি ২০২১ আৰু ২০২২ চনৰ পিছত তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে। মেচৰ সময়ত তেওঁক সম্পূৰ্ণ আত্মবিশ্বাসী যেন দেখা গৈছিল আৰু প্ৰতিদ্বন্দ্বীক কোনো সুযোগ নিদিলে।

ছেমি ফাইনেলত চীনৰ টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চেন ইউফেইয়ে ছেমি ফাইনেলত শীৰ্ষ ছিড আৰু ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াৰ এন ছে-ইয়ঙক পৰাস্ত কৰে। কিন্তু এই সময়ছোৱাত তাইৰ ভৰিৰ গোৰোহাত আঘাত পাইছিল আৰু ফাইনেলত তাইৰ গতিবিধিৰ ওপৰত ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছিল। প্ৰথমখন খেলত আধিপত্য বিস্তাৰ কৰি য়ামাগুচিয়ে দ্বিতীয়খন খেলত ব্যৱধানৰ পিছত একেৰাহে পইণ্ট সংগ্ৰহ কৰি জয় নিশ্চিত কৰে। এয়া চেনৰ দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক।

একেখন প্ৰতিযোগিতাতে চতুৰ্থ ছিড মালয়েছিয়ান যুটি চেন টাং জি আৰু টোহ ই ৱেইয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দ্বিতীয় ছিড চীনৰ যুটি জিয়াং জেনবাং আৰু ৱেই য়াক্সিনক ২১-১৫, ২১-১৪ ব্য়ৱধানত পৰাস্ত কৰি মিক্সড ডাবলছৰ খিতাপ দখল কৰে।

পুৰুষৰ একক ফাইনেলত খিতাপৰ মেচখন অনুষ্ঠিত হ’ব বিশ্বৰ ১ নম্বৰ চীনৰ শ্বি ইউকি আৰু ডিফেণ্ডিং চেম্পিয়ন থাইলেণ্ডৰ কুনলাভুত ভিটিডছাৰ্ণৰ মাজত।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande