আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ পুৰস্কাৰৰ ধনৰাশি চাৰিগুণ বৃদ্ধি, বিজয়ী দলে লাভ কৰিব ৪৪.৮ মিলিয়ন ডলাৰ
নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ পুৰস্কাৰৰ ধনৰাশি চাৰিগুণ বৃদ্ধিৰ কথা ঘোষণা কৰি মহিলা ক্ৰিকেটৰ ইতিহাসত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। আগন্তুক ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভা
आईसीसी महिला विश्व कप 2025 विश्व कप


নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ পুৰস্কাৰৰ ধনৰাশি চাৰিগুণ বৃদ্ধিৰ কথা ঘোষণা কৰি মহিলা ক্ৰিকেটৰ ইতিহাসত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। আগন্তুক ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীয়ে অভিলেখ সৃষ্টি ৪৪.৮ মিলিয়ন ডলাৰ ধনৰাশি লাভ কৰিব ।

আই চি চিৰ সভাপতি জে শ্বাহে কয় যে এই ঘোষণা মহিলা ক্ৰিকেটৰ যাত্ৰাৰ এক ঐতিহাসিক মুহূৰ্ত। আমাৰ চিন্তাধাৰা স্পষ্ট যে মহিলা খেলুৱৈসকলেও পুৰুষৰ সমান সন্মান আৰু সুযোগ লাভ কৰিব লাগে। এই পদক্ষেপে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু মহিলা ক্ৰিকেটক নতুন উচ্চতা প্ৰদান কৰিব। মহিলা ক্ৰিকেটৰ প্ৰচাৰ আৰু খেলত পে-পেৰিটিৰ নীতি আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

আইচিচিয়ে জনোৱা মতে, এইবাৰ মুঠ পুৰস্কাৰৰ ধন হ’ব ১৩.৮৮ মিলিয়ন ডলাৰ, যিটো ২০২২ চনত নিউজিলেণ্ডত অনুষ্ঠিত হোৱা পূৰ্বৰ সংস্কৰণৰ ৩৫ লাখ ডলাৰৰ তুলনাত প্ৰায় ২৯৭ শতাংশ বেছি। বিশেষ কথাটো হ’ল এই ধনৰাশি ২০২৩ চনৰ পুৰুষৰ বিশ্বকাপতকৈ (১ কোটি ডলাৰ) অধিক। ভাৰত আৰু শ্ৰীলংকা, গুৱাহাটী, ইন্দোৰ, নৱী মুম্বাই, বিশাখাপট্টনম আৰু কলম্বোৰ পাঁচটা স্থানত আয়োজন কৰা হৈছে বিশ্বকাপ।

পুৰস্কাৰৰ ধনৰ সবিশেষ

বিজয়ী দল – ৪.৪৮ মিলিয়ন ডলাৰ (২০২২ চনৰ তুলনাত ২৩৯% অধিক)

ৰানাৰ্ছ আপ – ২.২৪ মিলিয়ন ডলাৰ (২০২২ চনত ৬ লাখ ডলাৰ)

ছেমি ফাইনেলত পৰাস্ত হোৱা দুয়োটা দল – ১১২ লাখ ডলাৰকৈ (২০২২ চনত ৩ লাখ ডলাৰ)

প্ৰতিটো গ্ৰুপ পৰ্যায়ৰ জয় – ৩৪,৩১৪ ডলাৰ

৫ম আৰু ৬ৰ্থ স্থান দখল কৰা দল – ৭ লাখ ডলাৰকৈ

৭ম আৰু ৮ম স্থান দখল কৰা দলসমূহ – ২ লাখ ৮০ হাজাৰ ডলাৰকৈ

সকলো অংশগ্ৰহণকাৰী দলৰ বাবে নূন্যতম ধন – ২৫০,০০০ ডলাৰ

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande