শোণিতপুৰ , ০১ছেপ্তেম্বৰ (হি.স.)।
ৰাজ্যখনৰ গীতী সাহিত্য সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত গৱেষণালব্ধ ভাৱে প্ৰয়াস অব্যাহত ৰখা যুৱ সাংবাদিক, লেখক মনজিৎ ৰাজকোঁৱৰলৈ আগবঢ়োৱা হৈছে হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা । উল্লেখ্য যে অকালতে মৃত্যুক সাৱটি লোৱা তেজপুৰৰ শিল্পী, অধ্যাপক, লেখক, অভিনেতা, গায়ক, তাৰ্কিক, সাংবাদিক তথা সমাজ সচেতন বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ সোঁৱৰণত হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে বিগত তিনিটা বছৰে ২৯ অক্টোবৰৰ মৃত্যুৰ দিনটোত অনুষ্ঠিত কৰা হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান আৰু হেমন্ত কুমাৰ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানত যুৱ প্ৰজন্মৰ বিভিন্ন ক্ষেত্ৰৰ লোকক বঁটা প্ৰদানেৰে স্মৰণ কৰি আহিছে।
এইবেলি অহা ২৯ অক্টোবৰত চতুৰ্থ বাৰ্ষিক মৃত্যু দিৱসৰ দিনটোত মনজিৎ ৰাজকোঁৱৰক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কালি সন্ধিয়া অনুষ্ঠিত হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত। উল্লেখ্য যে ,আধুনিক অসমীয়া সংগীতৰ ঐতিহ্যৰ সন্ধানত অধ্যয়ন আৰু গৱেষণাৰ কামত নিয়োজিত হৈ অহা মনজিৎ ৰাজকোঁৱৰে সাংগীতিক ঐতিহ্যৰ সংগ্ৰাহক আৰু সংৰক্ষক হিচাপে নিজ গৃহতে গঢ়ি তুলিছে বিশাল অভিলেখাগাৰ । ইয়াৰ মাজতেই ইতিমধ্যে সম্পাদনা কৰিছে কমল নাৰায়ণ চৌধুৰীৰ ৰচনা সংগ্ৰহ আৰু সাতসৰী আলোচনীৰ ভূপেন হাজৰিকা বিশেষ সংখ্যা । অসমীয়া সংগীতৰ ইতিহাস সম্পৰ্কীয় শতাধিক প্ৰবন্ধ প্ৰকাশ কৰা ৰাজকোঁৱৰে সংৰক্ষণ যোগ্য তথ্যপাতিক আগস্থান দি সম্পাদনা কৰিছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ স্মৃতিগ্ৰন্থ ভূপেন্দ্ৰ জ্যোতিৰ তিনিটাকৈ সংখ্যা ।
অৰ্থনীতিৰ স্নাতক, সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী মনজিৎ ৰাজকোঁৱৰ সম্প্ৰতি বৈদ্যুতিন সংবাদ মাধ্যম নিউজ লাইভৰ নিউজ এডিটৰ হিচাপে কৰ্মৰত ।
আনহাতে অসমৰ সাংগীতিক ঐতিহ্যৰ চৰ্চা আৰু সংৰক্ষণৰ হেতু ৰাজকোঁৱৰে লাভ কৰিছে নৃপেন চন্দ্ৰ হাজৰিকা বঁটা আৰু গোলোক চন্দ্ৰ দত্তৰ স্মৃতিত গোলোক সন্মান ।
কালি সন্ধিয়া তেজপুৰ চানমাৰীস্থিত হেমন্ত কুমাৰ বৰুৱাৰ বাসগৃহৰ চৌহদতে থকা হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী জ্ঞানাঞ্জন পুথিভঁৰালত স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত যুটীয়া সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপদেষ্টা বংকিম শৰ্মা, ড০ ভূপেন শইকীয়া, ৰমেশ চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক সত্যদেৱ শৰ্মা, আন এগৰাকী যুটীয়া সম্পাদক ভূপেন বৰুৱা, সদস্য ৰাজ কুমাৰ মহন্ত, দ্বীজেন নাথ, পংকজ বৰুৱা, নবীন চন্দ্ৰ লহকৰ, দেৱব্ৰত শৰ্মা, জ্যোতি প্ৰসাদ গোস্বামী, মণিষা গোস্বামী, ৰুণা বৰা, জুৰি বৰা, জিমি শইকীয়া, হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা আদিয়ে ভাষণ প্ৰদান কৰি পূৰ্বৰ দৰে দৰং মহাবিদ্যালয়ৰ এলুমনাই গেলাৰীত এই অনুষ্ঠান আয়োজনৰ কথা সদৰি কৰাৰ লগতে গীতী সাহিত্য বা ধ্ৰুপদী সংগীতৰ ওপৰত বক্তৃতানুষ্ঠান আয়োজন কৰাৰ ওপৰত মত ব্যক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ