শোণিতপুৰ, ০১ ছেপ্টেম্বৰ (হি.স.)। বীৰ লাচিত সেনাৰ তেজপুৰ আঞ্চলিকে নাগাৰা নামৰ তথাকথিত নামতি কৰিশ্মা নাথৰ বিৰুদ্ধে তেজপুৰত এজাহাৰ দাখিল কৰিছে। সৈনিক শিল্পীৰ যুগজয়ী সৃষ্টিক বিকৃত ৰূপত উপস্হাপন কৰাৰ পিচৰে পৰা বিতৰ্কিত কৰিশ্মা নাথৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অগণন ৰাইজে ৷
ইতিমধ্যেই কৰিশ্মাৰ বিৰুদ্ধে দাখিল হৈছে কে’বাখনো এজাহাৰ৷ আজি দুপৰীয়া তেজপুৰত বীৰ লাচিত সেনাৰ তেজপুৰ আঞ্চলিকেও এজাহাৰ দাখিল কৰিছে কৰিশ্মা নাথৰ বিৰুদ্ধে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ