ধুবুৰী, ০৯ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ জৰুৱা চৰত এক মৰ্মান্তিক ঘটনা । কুলাঙ্গাৰ পূত্ৰই হত্যা কৰিলে মাতৃক । ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ঝৰনাৰ চৰ প্ৰথম খণ্ড গাওঁত সংঘটিত হয় উক্ত ঘটনা । জানিব পৰা অনুসৰি আৰমান আলীয়ে তেওঁৰ পত্নীৰ সৈতে মিলি নিজ মাতৃ খবিৰণ নেছাক হত্যা কৰি পলায়ন কৰে।
উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সম্প্ৰতি ঘটনাস্থলীত বন্দিহিনা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে ধুবুৰী চিকিতসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ