কোকৰাঝাৰ, ১০ আগষ্ট (হি.স.)। বিগত আঠাইশ বছৰে বিনা দৰমহাৰে শিক্ষকতা কৰি সুচিকিৎসাৰ অভাৱত গোসাঁইগাঁৱত আজি পুনৰ মৃত্যু হ’ল এগৰাকী ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ৷ ৰাজ্য চৰকাৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকিকৰণ আইনৰ মেৰপেছত আৱদ্ধ হৈ চৰকাৰৰ পৰা কোনো দৰমহা নোপোৱাকৈ মৃত্যুক সাৱটিলে শালবাগান কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আফজাল হকে৷
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও চহৰৰ শালবাগান কনিষ্ঠ মহাবিদ্যালয়ত বিগত ১৯৯৭ চনত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰা হকে পৰৱৰ্তী সময়ত অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল৷ প্ৰায় তেৰটা বছৰ কনিষ্ঠ মহাবিদ্যালয়ত অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ টকেয়ামাৰী গাঁৱৰ বাসিন্দা আফজাল হকে অঞ্চলত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ উপৰি সমাজ সেৱাৰ কামতো ছাত্ৰ কালৰ পৰাই জঢ়িত আছিল৷সম্পূৰ্ণ গ্ৰাম্য পৰিবেশত ডাঙৰ-দীঘল হোৱা প্ৰয়াত অধ্যক্ষ গৰাকীয়ে ভাওৰাগুৰী-বিন্যখাতা উচ্চতৰ মাধ্যমিকৰ কৰা হাইস্কুলৰ দেওনা পাৰ হৈ গোসাঁইগাঁও মহাবিদ্যালয়ৰ পৰা উচ্চতৰ আৰু অসমীয়া বিষয়ত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি গোসাঁইগাঁও কনিষ্ঠ বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে৷শিক্ষানুষ্ঠানত এগৰাকী দক্ষ প্ৰশাসকৰ উপৰি কৃতি শিক্ষক হিচাপে সুনাম কঢ়িয়াই অনা অধ্যক্ষ গৰাকীয়ে বিগত তিনিটা বছৰ যাৱত মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল৷
কালক্ৰমত উচ্চচাপ, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱা ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত দুৰ্ভগীয়া অধ্যক্ষ গৰাকীয়ে এইকেইটা বছৰত গোসাঁইগাঁও, কোকৰাঝাৰ, গুৱাহাটী, চেন্নাই আদি চিকিৎসাত চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰে৷কিন্তু দুৰ্যোগে লগ নেৰা প্ৰয়াত অধ্যক্ষ গৰাকীয়ে কালি নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত গোসাঁইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷কিন্তু চিকিৎসকৰ কোনো চিকিৎসাই কামত নাহিল৷এইখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত পুৱতি নিশা শেষ নিঃশ্বাস ত্যাগ কৰে৷এই শোকাৱহ বাতৰি বিয়পি পৰাৰ পিছতে মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, একাংশ ছাত্ৰৰ উপৰি বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধই মৃতকৰ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷এগৰাকী সমাজসেৱক আৰু কৃতি শিক্ষকৰ জানাজা আজি বিয়লি দুই বজাত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সমাপন কৰা হয়৷ বৃহত্তৰ এলেকাৰ ৰাইজক শোকাহত কৰি তোলা অধ্যক্ষ গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী জীৱেক ইহসংসাৰত এৰি থৈ যায়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ