নগাঁও, ১০ আগষ্ট (হি.স.)। নগাঁও বেঙেনাআটীত উত্তেজনা। উৰিয়ামঘাটৰ পৰা অহা পৰিয়ালক ওভোতাই পঠালে স্থানীয় লোকে l দেওবাৰে পুৱাতেই এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় নগাঁৱৰ বেঙেনাআটীত ৷ উচ্ছেদৰ জাননী পোৱাৰ পাছতেই উৰিয়ামঘাটৰ পৰা টিং পাত বাঁহ কাঠৰে গাড়ী ভৰ্তি কৰি এটা পৰিয়াল উপস্থিত হয়হি নগাঁৱৰ বেঙেনাআটীত।
বেঙেনাআটীৰ বুলবুল আলি নামৰ ব্যক্তি গৰাকীৰ ঘৰত গাড়ীৰ পৰা সামগ্ৰী নমোৱাৰ পাছতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ চৰকাৰী গাঁওবুঢ়াৰ উপস্থিতিত স্থানীয় লোকে ওভোতাই পঠালে সামগ্ৰী ভৰ্তি গাড়ী ৷ আনহাতে চৰকাৰী গাঁওবুঢ়া বা প্ৰশাসনক নজনোৱাকৈ উৰিয়ামঘাটৰ লোকক আশ্ৰয় দিয়াক লৈও অৱতাৰণা হৈছে প্ৰশ্নৰ ৷ পাঁচজনীয়া পৰিয়ালটোক আশ্ৰয় দিয়াক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু