সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
শিক্ষাৰ অবিহনে এটা জাতিৰ উন্নয়ন অসম্ভৱঃ মন্ত্ৰী হাজৰীকা চিৰাং, ১০ আগষ্ট (হি.স.)। বৃহত্তৰ অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সূত্ৰধৰসকলৰ ছাত্ৰ সংগঠন সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিজনীত অনুষ্ঠিত ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত আজি অংশগ্ৰহ
মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ


শিক্ষাৰ অবিহনে এটা জাতিৰ উন্নয়ন অসম্ভৱঃ মন্ত্ৰী হাজৰীকা

চিৰাং, ১০ আগষ্ট (হি.স.)। বৃহত্তৰ অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সূত্ৰধৰসকলৰ ছাত্ৰ সংগঠন সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিজনীত অনুষ্ঠিত ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত আজি অংশগ্ৰহণ কৰে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।

জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে যথেষ্ট সক্ৰিয়ভাৱে কাম কৰি থকা সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা আৰু বিটিআৰ সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত তথা চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থা সমিতিৰ সহযোগত বিজনীত অনুষ্ঠিত কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী হাজৰীকাই সন্থাক জনগোষ্ঠীটোৰ শৈক্ষিক দিশত গুৰুত্ব দিবলৈ আহ্বান জনায়।

তেওঁ উল্লেখ কৰে যে, জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু মেডিকেল, ইঞ্জিনীয়াৰিং আদি ক্ষেত্ৰত যাতে সফল হ’ব পাৰে, তাৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ দৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত।

ইয়াৰ লগতেই মন্ত্ৰী হাজৰীকাই পৰামৰ্শ দিয়ে যে সন্থাই প্ৰতি বছৰে ব্যয়বহুল অধিৱেশন সভা-সমিতিৰ আয়োজন কৰাৰ পৰিৱৰ্তে, সেই ধনৰ এক অংশ সম্প্ৰদায়টোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশিক্ষণ শিবিৰ, কোচিং আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযুক্ত প্রস্তুতিৰ বাবে ব্যৱহাৰ কৰাটো অধিক ফলপ্ৰসূ হ’ব।

চিকিৎসা শিক্ষাত অনুসূচিত জাতিৰ বাবে থকা আসন সংৰক্ষণ ব্যৱস্থাৰ সম্পূৰ্ণ সুযোগ সূত্ৰধৰসকলেও গ্ৰহণ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে আৰু জনগোষ্ঠীটোৰ যোগ্য শিক্ষার্থীক সন্থাৰ জৰিয়তে আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থাও গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

শিক্ষাৰ সহায়তহে এটা জাতি, জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়ন সম্ভৱপৰ বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই শৈক্ষিক দিশত সকলোকে গুৰুত্ব দিবলৈ আহ্বান জনায়।

তদুপৰি, জনগোষ্ঠীটোৰ বাবে উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভতো মুখ‍্যমন্ত্ৰীৰ নেতৃত্বত আলোচনা চলি আছে বুলি তেওঁ উল্লেখ কৰে আৰু পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে চৰকাৰৰ তৰফৰ পৰা যথাসম্ভব প্ৰচেষ্টা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে কয় যে কোনো থলুৱা জনগোষ্ঠীক এই চৰকাৰৰ দিনত ঊচ্ছেদ কৰা নহয়।

আজিৰ সভাত মন্ত্ৰী হাজৰীকাৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু ঊপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, বিধায়ক অজয় কুমাৰ ৰায়, কমতাপুৰ স্বায়ত্ত্ব পৰিষদৰ মুখ‍্য কাৰ্যবাহী সদস‍্য জীৱেশ ৰয়, বিটিআৰৰ ইএম অৰূপ কুমাৰ দে, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ সহ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande