বৰপেটা, ১০ আগষ্ট (হি.স.)। বৰপেটা জিলাৰ সৰভোগৰ কিছমৎ দাৰিকাৰ দহলাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰৈ থকা ট্ৰাকৰ কাষত উদ্ধাৰ কৰা হৈছে ট্ৰাক চালকৰ মৃতদেহ।
মৃত ট্ৰাক চালকজন উত্তৰ প্ৰদেশৰ গণেশ বিশ্বকৰ্মা (৫০) বুলি চিনাক্ত কৰা হৈছে। বি আৰ ২৮ জি বি ১৭১৫ নম্বৰৰ ট্ৰাকখনৰ কাষত চালকজনৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে।
স্থানীয় ৰাইজৰ সন্দেহ কৰা মতে, লোকজনে ৰৈ থকা ট্ৰাকখনৰ টায়াৰ চেক কৰি থকা অৱস্থাত অথবা আন কোনো সময়ত সৰু গাড়ীয়ে খুন্দিয়ায় থৈ যায়। ফলত লোকজন নিহত হয় ।
আনকি ট্ৰাকখনৰ কাষত সৰু গাড়ী দূৰ্ঘটনাগ্ৰস্থ হোৱাৰ পিচত গাড়ীৰ ভঙা আইনা পৰি থকা দেখা গৈছে । ইতিমধ্যে ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
অৱশ্যে এয়া স্বাভাৱিক দুৰ্ঘটনা নে হত্যাকাণ্ড সেই বিষয়ে আৰক্ষীৰ তদন্তৰ পিচতহে জানিব পৰা যাব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী