গুৱাহাটী, ০৯ আগষ্ট(হি.স.)। গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰস্হিত কামাখ্যা মন্দিৰ চৌহদত আজি শনিবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো এগৰাকী মহিলাৰ বুলি নিশ্চিত কৰা হৈছে।
কামাখ্যা মন্দিৰ চৌহদৰ ভিতৰত থকা সিদ্ধেশ্বৰ মন্দিৰৰ পুখুৰীত উদ্ধাৰ হৈছে মহিলা গৰাকীৰ মৃতদেহটো। মন্দিৰৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহটো। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ