ছানা (য়েমেন), ০৫ আগষ্ট (হি.স.)। য়েমেনৰ উপকূলত দেওবাৰে উটি যোৱা নাও এখনত থকা ১৫৪ জন প্ৰব্ৰজনকাৰীৰ ভিতৰত মাত্ৰ ১২ জন প্ৰব্ৰজনকাৰীকহে উদ্ধাৰ কৰিব পৰা গৈছে। বাকী ১৪২জন যাত্ৰীৰ মৃত্যু হয়। আটাইকেইজনেই ইথিওপিয়াৰ। এই তথ্য য়েমেনত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ মুৰব্বী আব্দুছাটৰ আছভে দিছে।
ফ্ৰান্সৰ লায়নৰ পৰা চলি থকা ‘আফ্ৰিকানিউজ’ নিউজ চেনেলৰ বাতৰি অনুসৰি আছ’ভে কয় যে এডেন উপসাগৰত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত মাত্ৰ ১২ জন লোককহে উদ্ধাৰ কৰিব পৰা গৈছে, আনহাতে বাকী ১৪২ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। এই পৰ্যন্ত ৬৮টাতকৈ অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে অধিকাংশই পশ্চিম য়েমেনৰ খানাফা উপকূলত পোৱা গৈছিল।
এক বিবৃতিত অব্যান নিৰাপত্তা সঞ্চালকালয়ে এই শোকাৱহ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এক বৃহৎ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। যৌথ প্ৰব্ৰজন কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী (বেছিভাগেই ইথিওপিয়ান) আফ্ৰিকাৰ হৰ্ণৰ পৰা য়েমেনৰ মাজেৰে লোহিত সাগৰ পাৰ হৈ ধনী উপসাগৰীয় দেশসমূহত কাম বিচাৰি যায়। সৰ্বাধিক যাতায়ত কৰা এই পথটোক আটাইতকৈ বিপজ্জনক বুলি গণ্য কৰা হয়।
চলিত বৰ্ষৰ মাৰ্চ মাহত জিবুতি আৰু য়েমেনৰ মাজৰ সাগৰত চাৰিখন নাও উলটি যোৱাৰ ফলত ১৮৬ জন আফ্ৰিকান নিৰুদ্দেশ হৈছিল। এই ক্ষেত্ৰত ২০২৪ চনটো আছিল দুখজনক। এইবাৰ ৫৫০ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হয়। যৌথ প্ৰব্ৰজন কেন্দ্ৰই কয় যে য়েমেনত চলি থকা গৃহযুদ্ধই প্ৰব্ৰজনকাৰীসকলৰ নিৰাপত্তাৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া