টিয়ানজিন (চীন), ৩১ আগষ্ট (হি.স.)। চীনৰ টিয়ানজিনত অনুষ্ঠিত হৈ থকা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। ইয়াৰ মাজতে প্ৰাৰম্ভিক ভাষণত ৰাষ্ট্ৰপতি জিনপিঙে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰে।
চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি, দেওবাৰে পুৱা ৯:৩০ বজাৰ পৰা (ভাৰত সময় অনুসৰি) আৰম্ভ হোৱা দুয়োখন দেশৰ নেতাৰ মাজত ৪০ মিনিটৰ বৈঠক চলিছিল। এই সময়ত জিনপিঙে কৈছিল যে `চীন আৰু ভাৰত বিশ্বৰ দুখন প্ৰাচীন সভ্যতা। দুয়োখন দেশ বিশ্বৰ আটাইতকৈ জনবহুল দেশ আৰু গ্ল’বেল চাউথৰ অংশ। দুয়োৱে বন্ধু হৈ থকা, ভাল ওচৰ-চুবুৰীয়া হোৱাটো আৰু ড্ৰেগণ আৰু হাতী একেলগে অহাৰ বাবে অতি প্ৰয়োজনীয়।'
ইয়াৰ পূৰ্বে মুকলি ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘যোৱা বছৰ কাজানত আমাৰ এক অতি অৰ্থপূৰ্ণ আলোচনা হৈছিল। আমাৰ সম্পৰ্কই ইতিবাচক দিশ পাইছে। সীমান্তত বিচ্ছিন্নতাৰ পিছত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰ আৰম্ভ হৈছে কৈলাশ মানসৰোৱৰ যাত্ৰা। দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱাও পুনৰ আৰম্ভ কৰা হৈছে। দুয়োখন দেশৰ ২৮ কোটি জনসাধাৰণৰ স্বাৰ্থ আমাৰ সহযোগিতাৰ সৈতে জড়িত। ইয়াৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথো মুকলি হ’ব। আমি পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এছচিঅ’ৰ সফল অধ্যক্ষ পদৰ বাবে চীনক অভিনন্দন জনাইছো।’
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া