টিয়ানজিন (চীন), ৩১ আগষ্ট (হি.স.)। চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) সন্মিলন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে দেওবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক আলোচনা আৰম্ভ হৈছে। ভাৰতীয় সময় অনুসৰি পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকখন ৪০ মিনিটৰ বাবে নিৰ্ধাৰিত।
পূব লাডাখত হোৱা সামৰিক স্তব্ধতাৰ পিছত সম্পৰ্কত উত্তেজনা হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দুয়োগৰাকী শীৰ্ষ নেতাৰ মাজত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ১০ মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৈঠকত মিলিত হৈছে দুয়োগৰাকী নেতাৰ। ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত ৰাছিয়াৰ কাজানত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ সময়ত তেওঁলোকৰ সাক্ষাৎ হৈছিল।
আজিৰে পৰা আৰম্ভ হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) সন্মিলনৰ কেইঘণ্টামান পূৰ্বে দুয়োগৰাকী নেতাৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছে। এই সন্মিলনত ২০ জনতকৈ অধিক বিদেশী নেতাই অংশগ্ৰহণ কৰিছে। ৰাছিয়া, ভাৰত, ইৰাণ, কাজাখস্তান, কিৰ্গিস্তান, পাকিস্তান, তাজিকিস্তান, উজবেকিস্তান, বেলাৰুছ আৰু চীনকে ধৰি এইবাৰৰ ১০ জনীয়া এছচিঅ’ৰ অধ্যক্ষ আসনত আছে চীন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া