টেল আভিভ, ৩০ আগষ্ট (হি.স.)। টেল আভিভৰ পণবন্দী চৌহদত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে শনিবাৰে সমবেত হৈ গাজাত যুদ্ধবিৰতি আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ বাবে মাত মাতিছে। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰাপত্তা কেবিনেট বৈঠকৰ পূৰ্বে এই বিক্ষোভ প্ৰকাশ কৰে য’ত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে গাজা চহৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।
পণবন্দী আৰু নিৰুদ্দেশ পৰিয়াল মঞ্চই এই বৈঠকক আৰু অধিক প্ৰমাণ বুলি অভিহিত কৰে যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে “চিৰদিনৰ বাবে যুদ্ধ” আৰু “পণবন্দীসকলৰ বলিদান”ৰ পথত আগবাঢ়িছে। মঞ্চৰ পৰা প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি হত্যা কৰা পণবন্দী কাৰ্মেল গেটৰ সম্পৰ্কীয় ভাতৃ গিল ডিকমেনে কয় যে এই সপ্তাহত আমি জেৰুজালেমলৈ গৈ একে কন্ঠৰে ক’ম - বহু দেৰি হোৱাৰ আগতেই চুক্তি কৰক।
ইজৰাইল আৰু আমেৰিকাৰ দ্বৈত নাগৰিকত্ব থকা ডিকমেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ পোনপটীয়াকৈ বাৰ্তা প্ৰেৰণ কৰে, “মোৰ সম্পৰ্কীয় কাৰ্মেল গেটক বন্দী অৱস্থাত হত্যা কৰা হৈছিল, আপুনি সেই সময়ত ৰাষ্ট্ৰপতি নাছিল। আপুনি হ’লে তেওঁ হয়তো আজি জীয়াই থাকিলহেঁতেন। ট্ৰাম্প ডাঙৰীয়া, নেতান্যাহুৱে ৰাষ্ট্ৰপতি বাইডেনৰ দৰে আপোনাক বিশ্বাসঘাতকতা কৰা উচিত নহয়। এই পণবন্দীসকলক বচাওক, যিদৰে আপুনি আগতে বহুতকে বচাইছে।
বিক্ষোভৰ সময়ত আয়োজকসকলে এখন বিশাল বেনাৰও উন্মোচন কৰে য’ত লিখা আছিল - “ট্ৰাম্প, ইতিহাস বনাওক” ৷
একে সময়তে মঞ্চই প্ৰতিবাদকাৰীসকলক দেওবাৰে সন্ধিয়া জেৰুজালেমত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত বিক্ষোভ কৰিবলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া