তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগ আৰু উত্তৰ-পূৱ মহাকাশ প্ৰয়োগকেন্দ্ৰ (নেছাক)-ৰ যৌথ উদ্যোগত আজি তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটি ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দ
তেজপুৰ  বিশ্ববিদ্যালয়ত  ৰাষ্ট্ৰীয়  মহাকাশ  দিৱস  উদযাপন


তেজপুৰ  বিশ্ববিদ্যালয়ত  ৰাষ্ট্ৰীয়  মহাকাশ  দিৱস  উদযাপন


শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগ আৰু উত্তৰ-পূৱ মহাকাশ প্ৰয়োগকেন্দ্ৰ (নেছাক)-ৰ যৌথ উদ্যোগত আজি তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটি ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশজুৰি আয়োজন কৰা কাৰ্যসূচীৰ এক অংশ আছিল। উল্লেখযোগ্য যে, ভাৰতবৰ্ষই যোৱা ২৩ আগষ্ট,২০২৩ তাৰিখে চন্দ্ৰযান-৩ৰ বিক্রম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণমেৰু অঞ্চলত সফলভাৱে অৱতৰণ কৰাৰ জৰিয়তে এক ইতিহাস সৃষ্টি কৰিছিল। এই ঐতিহাসিক সফলতাৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে। যোৱা ২০২৪ চনৰ জুলাই-আগষ্ট মাহৰ পৰাই ভাৰত চৰকাৰৰ মহাকাশ বিভাগে এইবিশেষ দিনটো উদযাপন কৰিবলৈ দেশজুৰি নানা সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বেংগালুৰুস্থিত ইউআৰ ৰাও চেটেলাইট চেন্টাৰৰ বিজ্ঞানী ড° কোটেশ্বৰৰাওচি। তেওঁ “ভাৰতীয় চন্দ্ৰ অভিযান” বিষয়ত এক বিশেষ বক্তৃতা আগবঢ়াই চন্দ্ৰযান-১, ২আৰু ৩ৰ সফলতাৰ বৰ্ণনা দিয়ে। নেছাকৰ বিজ্ঞানী ড° অৰুপ বৰগোহাঁইয়ে “মহাকাশ প্ৰযুক্তিৰ সমাজমুখী ব্যৱহাৰ” বিষয়ত বক্তৃতা আগবঢ়াই উন্নত মহাকাশ প্ৰযুক্তিৰ ভুমিকা সন্দৰ্ভতআলোচনা আগবঢ়ায় ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ গুৰু, বিদ্যয়াতনিক পৰিক্ৰমা, অধ্যাপক ৰাজা ৰফিকুল হক, সভাত ভাষণ দি বিজ্ঞানশিক্ষা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ জৰিয়তে ভাৰতক উন্নত ৰাষ্ট্ৰৰ ৰূপত গঢ়ি তোলাৰ দিশত আগবঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন সমিতিৰ সমন্বয়ক অধ্যাপক গাজী আমিন আহমেদে তেজপুৰ বিশ্ববিদ্যালয়ে মহাকাশ বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ উৎসাহ বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যোগৰ বিষয়ে সভাত অৱগত কৰে।

বিশিষ্ট বিজ্ঞানীসকলৰ দ্বাৰা আগবঢ়োৱা লোকপ্ৰিয় বিজ্ঞান বক্তৃতাৰ উপৰিও দিনযোৰা কায্যসূচীত মহাকাশ প্ৰযুক্তি ষয়ক কুইজ প্ৰতিযোগিতা, মহাকাশ প্ৰদৰ্শনী আৰু অডিঅ’-ভিজুৱেল প্ৰদৰ্শনী কৰা হৈছিল। অঞ্চলটোৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা প্ৰায় ২০০জন ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে মহাকাশবিজ্ঞানৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আয়োজন কৰা এই কায্যসূচীক প্রশংসা কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande