গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনৰ নিউ বঙাইগাঁও ৱৰ্কশ্বপে জুলাই ২০২৫ মাহৰ সময়চোৱাত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, যি মানসম্পন্ন ৰক্ষণাবেক্ষণ, উদ্ভাৱন আৰু পৰিচালন উৎকর্ষতাৰ দিশত ইয়াৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
ডবাৰ উৎপাদন আৰু ৰক্ষণাবেক্ষণৰ দিশত, ৱৰ্কশ্বপটোৱে মুঠ ৭৮.৫ টা ডবা আউট টাৰ্ণ কৰিছে।
ইয়াৰ ভিতৰত ২৪ টা আইচিএফ (নন-এচি), ৪ টা আইচিএফ (এচি), ২০ টা এলএইচবি (নন-এচি), ১৪টা এলএইচবি (এচি) য’ত ৪ খন পাৱাৰ কাৰ, ৬ খন ডেমু ট্ৰেইলাৰ ডবা, ২ খন ডেমু ড্ৰাইভিং পাৱাৰ ডবা, ২ খন এনএমজিএইচএছ (পিঅএইচ), ৬টা এনএমজিএছএছ /এনএমজিএইচ ৰূপান্তৰিত ডবা আৰু ১ টা ইণ্টাৰমিডিয়েট ওভাৰহ’লিং ডবা অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, উক্ত মাহটোৰ ভিতৰত ১৩৪ খন ৱাগন টাৰ্ণ আউট কৰা হৈছে, লগতে ১১ খন ৱাগন চেণ্টাৰ বাফাৰ কাপলিং (চিবিচি) য়োকৰ অনুপলব্ধতাৰ বাবে বিলম্ব কৰি ৰখা হয়।
ট্ৰলী প্ৰেৰণ কামকাজৰ ক্ষেত্ৰত, ৱৰ্কশ্বপটোৱে মুঠ ১০৮ টা ডবাৰ ছেট প্ৰেৰণ কৰিছে, য’ত ৪৩ টা এছএছআই ছেট, ২০টা এলএইচবি নন-এচি, ২৩টা এলএইচি এচি, ৫২ টা আইচিএফ নন-এচি, ৭টা আইচিএফ এচি আৰু ৬ খন ডেমু ছেট অন্তৰ্ভুক্ত আছে। হুইল প্ৰেৰণ শ্ৰেণীৰ অধীনত, নিউ বঙাইগাঁও ৱৰ্কশ্বপে ২২৩ টা হুইল পেয়াৰ প্ৰেৰণ কৰিছে, য’ত ৭২টা বিচিএনৰ বাবে, ১০৫ টা এলএইচবিৰ বাবে, ৪২ টা আইচিএফৰ বাবে আৰু ৪টা বিশেষ শ্ৰেণীৰ হুইল অন্তৰ্ভুক্ত আছে।
ৱৰ্কশ্বপটোৱে সুৰক্ষা আৰু কাৰ্যক্ষমতা উন্নত কৰাৰ দিশত গুৰুত্ব দি আহিছে। জুলাৰ মাহৰ সময়চোৱাত, ৫ টা ৱাগনক টুইন পাইপ এয়াৰ ব্ৰেক চিষ্টেমলৈ ৰূপান্তৰিত কৰা হয়, যাৰ ফলত মুঠ ৱাগনৰ সংখ্যা ২৬২লৈ উপনীত হৈছে। উল্লেখযোগ্য যে, নিউ বঙাইগাঁও ৱৰ্কশ্বপৰ পৰা উৎপাদিত সকলো ৱাগন এতিয়া ১০০% টুইন পাইপ মানসম্পন্ন। ইয়াৰ উপৰিও, ২৭টা ৱাগনৰ ডোৰ হেইড ৰিডাকচন আৰু ডোৰ ব্লকিঙৰ বাবে নৱীকৰণ কৰা হৈছে, যাৰ ফলত মুঠ ৩৮৪ টা ৱাগন এতিয়া এই পৰিবৰ্তনৰ সৈতে অন্তৰ্ভূক্ত আছে। তদুপৰি, উৎপাদনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৩৫ টা ইন-হাউচ আইটেম উৎপাদন কৰা হয়।
নিউ বঙাইগাঁও ৱৰ্কশ্বপে সাময়িক ওভাৰহ’লিং কামকাজৰ সময়ত নতুন ডিজাইন পৰিবৰ্তন ১০০% অনুপালন নিশ্চিত কৰিছে। পাৰিপাৰ্শ্বিক আৰু হাউচকিপিং লক্ষ্যসমূহৰ দিশত, ৱৰ্কশ্বপটোৱে ৩২৬.৩৮৪ মেট্ৰিক টন ফেৰাছ আৰু ৩৭.১৯৩ মেট্ৰিক টন নন-ফেৰাছ বৰ্জিত সামগ্ৰী নিষ্কাশন কৰিছে, যি বৰ্জিত সামগ্ৰী নিষ্কাশনৰ লক্ষ্য অৰ্জন আৰু ৱৰ্কশ্বপৰ পৰিচ্ছন্নতা উন্নত কৰাৰ দিশত সহায় কৰিছে।
মুখ্য উদ্ভাৱনসমূহৰ ভিতৰত, ৱৰ্কশ্বপটোৱে বিটিপিএন টেংক ৱাগনৰ বাবে এটা সুৰক্ষা ভাল্ভ পৰীক্ষণ বেঞ্চ সফলতাৰে উদ্ভাৱন কৰিছে, যিটো ০.৩৫ কেজি/চেমি²ৰ পৰা ১.৪ কেজি/চেমি² পৰ্যন্ত চাপত সঠিক পৰীক্ষণৰ বাবে ডিজাইন কৰা হৈছে। এই প্ৰণালীয়ে সুৰক্ষা পৰীক্ষণৰ দক্ষতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও, ৱৰ্কশ্বপটোৰ কৰ্মচাৰী আৰু তত্ত্বাৱধায়কৰ মাজত পৰিচালন সম্পৰ্কীয় জ্ঞানৰ বিনিময় উন্নত কৰাৰ উদ্দেশ্যে বিটিপিএন টেংক ৱাগনৰ ফিলিং আৰু ডিচচাৰ্জ ব্যৱস্থাৰ এটা প্ৰ’ট’টাইপ মডেল প্ৰস্তুত কৰা হয়।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান মুখ্য যান্ত্ৰিক অভিযন্তাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, ডবা নং ১২৫০০১ (এলডব্লিউএফএচি) টো ইউনিট এক্সচেঞ্জ পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। এই বিস্তৃত পুনঃমেৰামতিৰ ক্ষেত্ৰত চিট আৰু বাৰ্থৰ ৰেক্সিনৰ প্ৰতিস্থাপন, নতুন পিভিচি ফ্ল’ৰিং, ভিনাইল ৰেপিং, ডি-কল পেইণ্টিং আৰু উল্লেখনীয় বৈদ্যুতিক আৰু এয়াৰ ব্ৰেক সৰঞ্জামৰ প্ৰতিস্থাপন অন্তৰ্ভুক্ত আছে, যিয়ে ডবা পুনৰ্নিৰ্মাণৰ আধুনিক পদ্ধতিতে প্ৰদৰ্শন কৰে।
নিউ বঙাইগাঁও ৱৰ্কশ্বপটো উত্তৰ পূব সীমান্ত ৰেলৱেৰ আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে কৰ্মৰত, যিয়ে ইয়াৰ কাৰিকৰী দক্ষতা আৰু প্ৰগতিশীল পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ ৰ’লিং ষ্টকৰ সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু কাৰ্যক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী