২০ ৰ পৰা ২৫ বছৰীয়া উদীয়মান যুৱ সমাজৰ চিন্তা আৰু চেতানক সচেতন মহলৰ প্ৰশংসা
উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থ ভাওনা উন্মোচন
তৃতীয় নিশা প্ৰহ্লাদ চৰিত্ৰ ভাওনাৰে দৰ্শকক আকৃষ্ট
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। তেজপুৰৰ মাজগাঁও জাতীয় শ্বহীদ বাকৰিত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰি, বিশিষ্ট চিত্ৰ -ভাস্কৰ্য্য শিল্পী হৰিনাৰায়ণ দাসৰ যাদুকৰী হাতৰ পৰশৰ দৃষ্টিনন্দন ভাওনা সংপৃক্ত চিত্ৰ -মুখা আদিৰ মাজত যোৱা ৩ আগষ্টৰ পৰা ৯ আগষ্টলৈকে উদীয়মান যুৱ সমাজৰ উদ্যোগত আৰু তেজপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠি হৈ থকা তেজপুৰ ভাওনা সমাৰোহ -২০২৫ৰ কালি তৃতীয় দিনটোত জনপ্ৰিয় সত্ৰীয়া শিল্পী শিল্পী শ্ৰীকুমাৰ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত হয় প্ৰহ্লাদ চৰিত্ৰ শীৰ্ষক ভাওনা ।
উল্লেখ্য যে ২০ বছৰ বয়সৰ পৰা প্ৰায় ২৫ বছৰ বয়সৰ উদীয়মান যুৱ সমাজৰ প্ৰত্যেকগৰাকী বিষয়ববীয়া আৰু সদস্য -সদস্যাৰ লগতে উদযাপন সমিতিৰ সকলো বিষয়ববীয়াই এক সাত্বিক পৰিৱেশত জাতীয় তথা বৈষ্ণৱ সাজপাৰ পৰিধান কৰি প্ৰথম দিনটোৰ পৰাই আত্মিক ভাৱে জড়িত হৈ পৰা এক সম্পূৰ্ণ ধাৰ্মিক পৰিৱেশ বিৰাজ কৰা আৰু সুশৃংখলিত তথা পৰিশীলিত ৰূপৰ এই বৰ্ণাঢ্য আয়োজনে ৰাইজক আকৃষ্ট কৰাৰ লগতে সাম্প্ৰতিক সময়ৰ বিজতৰীয়া সংস্কৃতিৰ মাজত এক বিশেষ বাৰ্তা দিবলৈ সক্ষম হৈছে এই ভাওনা সমাৰোহে ।
আনহাতে কালি ভাওনাৰ প্ৰাকমুহূৰ্তত সমাৰোহ উদযাপন সমিতিৰ সভাপতি বিশিষ্ট গীতিকাৰ -সুৰকাৰ বংকিম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাওনা সমাৰোহ উপলক্ষে উদযাপন সমিতিয়ে ৰূপমজ্যোতি নাথ আৰু অনুপ অসমীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ভাওনা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক ড০ শিৱৰঞ্জন মহন্তই।
উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মৃগেন চন্দ্র বড়া ,ভাওনা সমাৰোহ আৰু উদীয়মান যুৱ সমাজৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত ৰূপমজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানটিত একেলগে স্মৃতিগ্ৰন্থন উন্মোচন কৰি ড০ শিৱৰঞ্জন মহন্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন -দৰ্শন আলোকপাত কৰি সাৰগৰ্ভ ভাষণেৰে সকলোকে মুগ্ধ কৰি তোলে। এই অনুষ্ঠানতে ভাওনা সমাৰোহলৈ বিশেষ সহযোগিতা আগবঢ়োৱা সাংস্কৃতিক কৰ্মী জয়শ্ৰী ভূঞাক উদযাপন সমিতিয়ে বিশেষ ভাৱে সম্ভাষণ জনায় । ইয়াৰ পিছতেই গায়ন -বায়নৰ সৰুঢেমালি -সৰুঢেমালিৰে সূত্ৰধাৰৰ প্ৰবেশেৰে আৰম্ভ হয় শ্ৰীকুমাৰ বৰুৱা পৰিচালিত প্ৰহ্লাদ চৰিত্ৰ ভাওনা ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ