শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিক, স্নাতক, সংহত শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম, স্নাতকোত্তৰ আৰু বি এড প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক আৰ্থিক অনুদান প্ৰদান কৰি উদ্গনি যোগোৱাৰ উদ্দেশ্য মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ২.০ নামেৰে এক অভিলাষী আচঁনিৰ আবেদন-পত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰাৰ অংশ স্বৰূপে শোণিতপুৰ জিলাৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৯খন মহাবিদ্যালয়কে ধৰি মুঠ দহখন শিক্ষানুষ্ঠানত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত “ নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।
সেই অনুসৰি ঢেকীয়াজুলিৰ লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত স্থানীয় বিধায়ক তথা স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নদুৱাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা, দৰং মহাবিদ্যালয়ত স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপৰা মহাবিদ্যালয়ত স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতী, তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মহাবিদ্যালয়ত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰ মহাবিদ্যালয়ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায়, বালিপৰাৰ চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিশ্বদেৱ ভট্টাচাৰ্যী, চতিয়া মহাবিদ্যালয়ত চতিয়া পৌৰসভাৰ সভানেত্ৰী দ্বীপশিখা সন্দিকৈ আৰু ডুমডুমা-বৰছলাৰ চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ত ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকাই মুখ্য অতিথি হিচাপে আজিৰ এই নিযুত মইনা ২.০ আচঁনিৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান সমূহত উপস্থিত থাকে।
উল্লেখযোগ্য যে আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, দৰং মহাবিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নদুৱাৰ সম-জিলাৰ সম-জিলা আয়ুক্ত মানস কুমাৰ শইকীয়া, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় আৰু বৰছলাৰ চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ত ঢেকিয়াজুলিৰ সম-জিলা আয়ুক্ত দ্যোতিভা বৰা, তেজপুৰ মহাবিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা, তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত সহকাৰী আয়ুক্ত আইৰিছ অৰমান আহমেদ আৰু ৰঙাপৰা মহাবিদ্যালয় আৰু বালিপৰা আদৰ্শ চৰকাৰী মহাবিদ্যালয়ত সহকাৰী আয়ুক্ত নীলোৎপল চেতিয়া উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল আজিৰ এই অনুষ্ঠান সমূহত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ