তেজপুৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দুই সন্তানৰ মাতৃঃ উন্মত্ত স্বামী জয়ন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। তেজপুৰৰ চহৰৰ কাষৰে বামপৰ্বতীয়া পহুমৰা চুবুৰীত যোৱানিশা মেঘালী শইকীয়া(৪২) নামৰ এগৰাকী মহিলাৰ স্বামীৰ অত্যাচাৰৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটাৰ লগতে এই ঘটনা স্বামীয়েই সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখয
তেজপুৰত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দুই সন্তানৰ মাতৃঃউন্মত্ত স্বামী জয়ন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ


শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। তেজপুৰৰ চহৰৰ কাষৰে বামপৰ্বতীয়া পহুমৰা চুবুৰীত যোৱানিশা মেঘালী শইকীয়া(৪২) নামৰ এগৰাকী মহিলাৰ স্বামীৰ অত্যাচাৰৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটাৰ লগতে এই ঘটনা স্বামীয়েই সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখযোগ্য যে, আজি চিকিৎসাধীন অৱস্থাত পুৱা প্ৰায় ৭-৫৩ বজাত মহিলাগৰাকীৰ মৃত্যু ঘটে৷

অভিযোগ অনুসৰি,দুই সন্তানৰ মাতৃ মেঘালী শইকীয়াক যোৱা নিশা স্বামী জয়ন্ত শইকীয়াই কেৰাচিন ঢালি জ্বলাই দিয়া বুলি মহিলাগৰাকীৰ আত্মীয়ই অভিযোগ কৰিছে৷ উল্লেখযোগ্য যে,মেঘালী শইকীয়াৰ ওপৰত দীৰ্ঘদিনৰ পৰাই সুৰাসক্ত স্বামী জয়ন্ত শইকীয়াই শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাই আহিছিল৷প্ৰায়েই সুৰাপান কৰি পত্নীক মাৰপিট কৰা জয়ন্তৰ বিৰুদ্ধে আনকি যোৱা ২৪ জুনত নিজ কন্যাই লালমাটি আৰক্ষী চকীত মৌখিক গোচৰ দিয়াৰ পাছত আৰক্ষীয়ে সেই নিশাই জয়ন্তক কৰায়ত্ত কৰিছিল যদিও পাছত আৰক্ষীয়ে জয়ন্তৰ ওপৰত নিৰ্যাতন চলোৱা বুলি জয়ন্তৰ লগতে তেওঁৰ পত্নী আৰু কন্যা তথা জয়ন্তৰ একাংশ আত্মীয়ই অভিযোগ কৰিছিল৷কিন্তু সেই পত্নীকে যোৱা নিশা প্ৰায় ১০-৩০বজাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়৷শৰীৰত জ্বুয়ে আগুৰি ধৰা মহিলাগৰাকীক বছাবলৈ চেষ্টা কৰি তেওঁৰ জোঁৱায়েক দীপেন বৰাও কিছুপৰিমাণে অগ্নিদগ্ধ হয়৷ইপিনে নিশা প্ৰায় ১১বজাত তেজপুৰৰ গেট হাস্পতালত মেঘালীক ভৰ্ত্তি কৰা হয় যদিও ৮০শতাংশৰ অধিক জ্বলিযোৱা মহিলাগৰাকীৰ আজি পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷ইপিনে,এই ঘটনাত আহত জোঁৱায়েকক তেজপুৰৰ ব্যপ্তিষ্ট মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বৰ্তমান তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হৈছে৷

ইপিনে পূৰ্বৰে পৰাই বিভিন্ন উদ্ভণ্ডালি কৰি ফুৰা বুলি অভিযুক্ত জয়ন্তৰ বিৰুদ্ধে বিভিন্নজনে মন্তব্য কৰাৰ বিপৰীতে জয়ন্তৰ একাংশ আত্মীয়ই জয়ন্তক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে নিৰ্যাতনৰ বলি হোৱা মেঘালীকো জয়ন্তই ভয় ভাবুকিৰে তেনে কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উঠিছে৷আনহাতে, মেঘালীৰে স’তে কালি দিনতো কাজিয়া কৰা জয়ন্তই সন্ধিয়া ঘৰলৈ আহি পুনৰ কাজিয়াত লিপ্ত হয় আৰু উগ্ৰমূৰ্তি ধাৰণ কৰে৷ এনে অৱস্থাত সন্তান সহ মেঘালীক প্ৰতিবেশী এটা পৰিয়ালে আশ্ৰয় দিয়ে৷ কিছু সময়ৰ পাছতে জয়ন্তই ঘৰৰ আচবাব,দুৱাৰ খিৰিকী আৰু স্কুটাৰ এখনো ভঙাত মেঘালী ঘৰলৈ আহে আৰু ইয়াৰ পিছতে তেওঁক ঘৰৰ সমীপতে জ্বলন্ত অৱস্থাত দেখা পাই প্ৰতিবেশী মহিলাগৰাকীয়ে৷

সেই সময়ত মেঘালীয়ে “ মই আৰু সহ্য কৰিব নোৱাৰিলোঁ বুলি আৰ্তনাদ কৰে ” বুলি প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী মহিলাগৰাকীয়ে৷তেওঁ লগতে কয় যে,ইয়াৰ পূৰ্বেও এবাৰ এইদৰে উন্মত্ত ৰূপ লৈ নিজা ঘৰতে অগ্নিসংযোগ কৰিছিল৷ইপিনে,নিজৰ দুস্কাৰ্য গাঁপদি আটক হোৱাৰ পিছত মাত্ৰ ডেৰমাহ পূৰ্বে আৰক্ষীকে বিপদত পেলোৱা ধূৰ্ত জয়ন্তয়েই নিজ পত্নীক হত্যা কৰা বুলি মৃত্যু ঘটা মেঘালীৰ আত্মীয়ই অভিযোগ কৰি অভিযুক্ত জয়ন্তৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে৷ইপিনে ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে নিশায়েই অভিযুক্ত জয়ন্তক গ্ৰেপ্তাৰ কৰিছে৷এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে দুই সন্তানৰ মাতৃ মহিলাগৰাকীৰ এই লোমহৰ্ষক মৃত্যুৰ কাৰণ যে স্বামী জয়ন্তই বুলিও ভালেসংখ্যক লোকে মন্তব্য কৰিছে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande