শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ
অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰি ৰখাত কোনো কালেই আপোচ কৰা নাছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে --আনন্দ কুমাৰ দাস, জিলা আয়ুক্ত
অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰিল গোপীনাথ বৰদলৈৰ দৃঢ় পদক্ষেপৰ বাবেই --পৃথ্বিৰাজ ৰাভা
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী,ভাৰত ৰত্ন, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক মৃত্যু দিৱসৰ আজিৰ দিনটোত শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ তিনিটা বিভাগৰ তিনিগৰাকী নিষ্ঠাবান কৰ্মচাৰীক লোক সেৱা পুৰস্কাৰ প্ৰদান কৰে । তেজপুৰৰ শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বিশেষ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু আন অতিথি সকলৰ সৈতে এই পুৰস্কাৰ প্ৰদান কৰাৰ আগেয়ে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰি মহামানৱ মহাত্মা গান্ধীৰ অহিংস বাণীৰে উদ্বুদ্ধ হৈ দেশৰ স্বাধীনতা আন্দোলনত অসমৰ পৰা একাত্মভাৱে জড়িত হৈ পৰা অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰি ৰখাত কোনো কালেই আপোচ নকৰা মহান স্বাধীনতা সংগ্ৰামী তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ জীৱন-দৰ্শন উঠি অহা প্ৰজন্মৰ পাথেয় কৰি তোলাৰ লক্ষ্যৰেই চৰকাৰে মুখ্যমন্ত্ৰী লোক সেৱা পুৰস্কাৰ প্ৰদানৰ এই সিদ্ধান্তৰ দ্বাৰা ভাৰত ৰত্ন তথা লোকপ্ৰিয় গৰাকীক স্মৰণ কৰাই নহয় চৰকাৰী কৰ্মচাৰী সকলৰ নিষ্ঠাপূৰ্ণ সেৱাক স্বীকৃতি প্ৰদান কৰি উদ্বুদ্ধ কৰি অহাটো চৰকাৰখনৰ এক সুদূৰপ্ৰসাৰী সিদ্ধান্ত হিচাপে বিবেচিত হৈছে বুলি এনেদৰে মন্তব্য কৰে।
শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত লক্ষীনন্দন চহৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোৱঁৰ, তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলীয়ে বিশেষ আসন শুৱনি কৰা আৰু পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰদান কৰি অসমবাসী এইগৰাকী স্বাধীনতা সংগ্ৰামী তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবেই সৌভাগ্যবান, কিয়নো অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে কেৱল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৃঢ় পদক্ষেপৰ বাবেই । ভাৰত বৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লীগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিবলৈ উঠি পৰি লাগিছিল যদিও প্ৰাত:স্মৰণীয় পুৰোধা গোপীনাথ বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবেই অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে বুলি মন্তব্য কৰে।
ইয়াৰ পিছতেই শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ কাৰীকৰি নিৰ্দেশক টংকেশ্বৰ ওজা, শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কোঠা সেৱক ৰূপক হাজৰিকা আৰু শোণিতপুৰ জিলা কৰ অধীক্ষক (আদায় বিভাগ )কাৰ্যালয়ৰ জাৰিকাৰক বাপধন দাসক জিলা আয়ুক্ত সমন্বিতে আটাইকেইগৰাকী অতিথিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে লোক সেৱা পুৰস্কাৰ প্ৰদান কৰে বিধায়ক পৃথ্বিৰাজ ৰাভাই। অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ তথা বিজ্ঞান লেখক ড০ ৰমেশ চন্দ্ৰ গোস্বামীয়ে ভাষণ প্ৰদান কৰি প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ সোঁৱৰণত চৰকাৰে কৰ্মচাৰী সকলক উদ্বুদ্ধ কৰি এই পুৰস্কাৰ প্ৰদান কৰাৰ বাবে চৰকাৰৰ শলাগ লয়। পুৰস্কাৰ প্ৰাপক কাৰিকৰী নিৰ্দেশক টংকেশ্বৰ ওজাইও নিজৰ অনুভৱ সদৰি কৰা অনুষ্ঠানটিৰ অন্তত শলাগ জ্ঞাপন কৰে পংকজ বৰুৱাই ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ