শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰ পৌৰসভাৰ অন্তৰ্গত গাৰোৱানপট্টিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ অঞ্চলটোৰ পাৰভেজ আনচাৰীৰ তেগিয়া মটৰ চাইকেল ওৱৰ্কছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত সংঘটিত হোৱা এই অগ্নিকাণ্ড একাংশ লোকৰ দৃষ্টিগোচৰ হয়৷
ধোঁৱাই চানি ধৰা প্ৰতিষ্ঠানটোৰ ভিতৰত মেৰামতিৰ বাবে ৰখা তিনিখন মটৰ চাইকেলসহ সকলো যন্ত্ৰ, সা-সামগ্ৰী ইতিমধ্যে জ্বলি ভস্মীভূত হয়। ঘনবসতিপূৰ্ণ অঞ্চলটোত এই বিধ্বংসী অগ্নি বিয়পি পৰাৰ আশংকাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে৷
উল্লেখযোগ্য যে, বৈদ্যুতিক বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি আশংকা কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি আৰু আপদকালীন সেৱা, এছ ডি আৰ এফ,আৰক্ষী তথা স্থানীয় ভালেসংখ্যক লোকৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ঘটনাত কেবালাখ টকাৰ সা-সম্পত্তি জাহ গৈছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ