গুৱাহাটী, ৩১ আগষ্ট (হি.স.)। অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সভাপতি তথা সাংসদ দিলীপ কুমাৰ শইকিয়াই আজিৰ ৰাতি প্ৰদেশ বিজেপি মুখ্যালয় অটল বিহাৰী বাজপেই ভবনত বিটিচি নিৰ্বাচনৰ বাবে ২৮ সদস্যৰ প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰে।
অসম প্ৰদেশীয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি, প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকিয়াই আজিৰ দিনা বিটিআৰ নিৰ্বাচন – ২০২৫-ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।
প্ৰাৰ্থীসকলৰ নাম
জিলা – কোকৰাঝাৰ১. ০১- পাৰবতঝোৰ -বনেন্দ্ৰ কুমাৰ মুশাহাৰী ২. ০২- গুমা – সাজল সিংহ ৩. ০৪- জামদুৱাৰ – ৰাহুল নাৰজাৰী ৪. ০৫- ছৰাইবিল – গোষাই বসুমাতাৰী ৫. ০৬- কচুগাঁও – মহেশ্বৰ বসুমাতাৰী ৬. ০৭- ফকিৰাগ্ৰাম – অৰূপ কুমাৰ দে ৭. ০৮- দোতমা – মনোৰঞ্জন ব্ৰহ্ম ৮. ০৯- বানৰগাঁও – ৰাজীব ব্ৰহ্ম ৯. ১২- সালকাটি – কবিতা বসুমাতাৰী
জিলা – চিৰাং১০. ১৩- চিৰাং – স্বংকৰ ব্ৰহ্ম ১১. ১৭- চোবাইজাৰ –প্ৰভাত বসুমাতাৰী ১২. ১৮- মানস ছেৰফাং – শুভাষ বসুমাতাৰী
জিলা – বাক্সা১৩. ২০- মতাঙুৰি – গৌতম দাস ১৪. ২১- ছালবাৰি – চক্ৰধৰ দাস ১৫. ২২- ককলাবাৰি – ৰামেন মাধাহী
১৬. ২৩- দিহিৰা (সাধাৰণ) – মানস প্ৰতিম কলিতা
জিলা – তামুলপুৰ১৭. ২৫- বাগানপাৰা – ৰেখাৰাণী দাস বৰুৱা
১৮. ২৬- দৰংগাজুলি – বিজিত গোৱৰা নাৰ্জাৰী
১৯. ২৭- নাগ্ৰীজুলি – ভজন দাস
২০. ২৯- শুকলাই ছেৰফাং – ৰাণেন নাৰ্জাৰী
২১. ৩০- গোৱেশ্বৰ – দেৰহাছাৰ নাৰ্জাৰী
জিলা – ওদালগুৰি২২. ৩১- খুইৰ্ববাৰী – মদন ৰাভা ২৩. ৩২- ভেৰগাঁও – জৌশ্ৰাং বোৰো
২৪. ৩৩- ননুই ছেৰফাং – সঞ্জিত তান্তি
২৫. ৩৪- খালিংদুৱাৰ – অৰ্জুন দাইমাৰী
২৬. ৩৫- মদ্বইবাৰী – দিগন্ত বৰুৱা
২৭. ৩৮- ভৈৰৱকুণ্ড – মীনন মুশাহাৰী
২৮. ৩৯- পাছনুই ছেৰফাং – দীপক মুৰ
মাধ্যমসমূহক সম্বোধন কৰি দিলীপ শইকিয়াই কয় যে বিজেপি এইবাৰ বিটিচিত চৰকাৰ গঠন কৰিবলৈ সম্পূৰ্ণভাবে প্রস্তুত। বিটিচিৰ জনতাও বিজেপিৰ সৈতে আছে।
প্ৰদেশ সভাপতি শইকিয়াই কয় যে আগন্তুক কাইলৈ তিনিচাৰি জন প্ৰাৰ্থীৰ দ্বিতীয় তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আলোচনা চলি আছে। একে সময়তে দলৰ পক্ষৰ পৰা টিকট লাভ কৰা সকলো প্ৰাৰ্থীক অভিনন্দন জনাই তেওঁ কয় যে কিছুমান প্ৰযুক্তিগত সমস্যাৰ বাবে কেইজনমান নেতাক টিকট নোমিলিল। দল তেওঁলোকৰ ক্ষেত্ৰতো চিন্তাভাবনা কৰিব আৰু তেওঁলোকক সংগঠন আৰু অন্য স্থানত সমন্বয় কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ