

ধুবুৰী, ০৩ ছেপ্টেম্বৰ (হি.স.)। চাপৰৰ চৈবাৰী আকলুলাইনৰ খেলপথাৰত আদিবাসী সকলৰ ২১তম কৰম উৎসৱ উদযাপন। ধুবুৰী জিলা আছাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপন কৰে এই কৰম উৎসৱ। চাপৰৰ চৈবাৰীত কৰম পূজা উপলক্ষ্যে উখল মাখল পৰিৱেশ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চৈবাৰী আকলুলাইনৰ চাহ বাগিচা খেলপথাৰত আদিবাসী সকলৰ ২১ তম কৰম উৎসৱ উদযাপন কৰে।
কৰম উৎসৱ অসমৰ আদিবাসী জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষি কাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা কোনো ধৰণৰ বাধা নাহে আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত আদিবাসী লোক সকলোৰ পৰম্পৰাগত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar