তামুলপুৰত বিটিচি নিৰ্বাচনৰ পৰ্যৱেক্ষক উপস্থিত
তামুলপুৰ, ০ ৩ ছেপ্তেম্বৰ (হি.স.)। সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ বাবে তামূলপুৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত উঠিছে। বিভিন্ন চে''লবোৰে নিজা নিজা দায়িত্ব‌ও আৰম্ভ কৰি দিছে। তাৰ মাজতে আজি তামুলপুৰ জিলাৰ নিৰ্বাচন পৰ্যৱেক্ষক হিচাপে নিযুক্ত অসম ৰাজ্যিক
তামুলপুৰত বিটিচি নিৰ্বাচনৰ পৰ্যৱেক্ষক উপস্থিত


তামুলপুৰ, ০ ৩ ছেপ্তেম্বৰ (হি.স.)। সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ বাবে তামূলপুৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত উঠিছে। বিভিন্ন চে'লবোৰে নিজা নিজা দায়িত্ব‌ও আৰম্ভ কৰি দিছে। তাৰ মাজতে আজি তামুলপুৰ জিলাৰ নিৰ্বাচন পৰ্যৱেক্ষক হিচাপে নিযুক্ত অসম ৰাজ্যিক তথ্য আয়োগৰ সচিব অতুল কুমাৰ শৰ্মা আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা হাউছফেডৰ পৰিচালন সঞ্চালক (অতিৰিক্ত) ক্ষিতীশ চন্দ্ৰ পেগু তামুলপুৰত উপস্থিত হয়।

তেওঁলোকে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ সৈতে সমাগত নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হৈ যায়, সেই সম্পৰ্কে আলোচনাত মিলিত হয়‌। উল্লেখ্য যে অসম ৰাজ্যিক তথ্য আয়োগৰ সচিব অতুল কুমাৰ শৰ্মাক ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই-ছেৰফাং সমষ্টিৰ পৰ্যৱেক্ষক হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালকৈ অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা হাউছফেডৰ পৰিচালন সঞ্চালক (অতিৰিক্ত) ক্ষিতীশ চন্দ্ৰ পেগুক ২৮-গয়বাৰী আৰু ৩০-গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰ্যৱেক্ষক হিচাপে দায়িত্ব দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande