
Assam, ০৩ ছেপ্টেম্বৰ (হি.স.)। ফ্ৰীজৰ পৰা পানী খাবলৈ গৈ চফ্ৰাই বাগিচাৰ এটি তিনি বছৰীয়া শিশুৰ বিদ্যুতপৃষ্ঠ হৈ মৃত্যু। চফ্ৰাইত তিনি বছৰীয়া শিশু বিদ্যুতপৃষ্ঠ হৈ মৃত্যু, ফ্ৰীজত হাত দিবলৈ গৈ এই অঘটন সংঘটিত। চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চফ্ৰাই বাগিচা অঞ্চলত আজি এক কৰুণ ঘটনা সংঘটিত হৈছে ।
এটি তিনিবছৰীয়া কণমানি শিশুৰ বিদ্যুত পৃষ্ঠ হৈ মৃত্যু। ফ্ৰীজত হাত দিয়াৰ পাছতেই সংঘটিত হয় এই ঘটনা। ঘটনা অনুসৰি চফ্ৰাই বাগিচা অঞ্চলৰ নিবাসী প্ৰেমানন্দ তাঁতীৰ তিনি বছৰীয়া কন্যা সন্তান গমনিকা তাঁতীয়ে প্ৰচণ্ড গৰমত ঘৰত থকা ফ্ৰীজটোৰ পৰা পানী খাবলৈ বুলি ফ্ৰীজত হাত দিয়াৰ মাত্ৰকে বিদ্যুতপৃষ্ঠ হয়। লগে লগে পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হয়। বিদ্যুৎ পৃষ্ঠ হোৱা কন্যা শিশুটিক ততাতৈয়াকৈ চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও অনা বাটতে শিশুটিৰ মৃত্যু হয়। শিশুটিৰ এই কৰুণ মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু