নতুন দিল্লী, ৩০ আগষ্ট (হি.স.)। পেৰিছত চলি থকা বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ পুৰুষৰ ডাবলছ যুটি সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে ইতিহাস ৰচনা কৰিছে। শুকুৰবাৰে নিশা কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ৱুই য়িক ছ’ক ২১-১২, ২১-১৯ ব্য়ৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। এই জয়ৰ জৰিয়তে ভাৰতীয় যুটিটোৱে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে।
বিশ্ব চেম্পিয়নশ্বিপত এয়া হ’ব সাতৱিক-চিৰাগৰ দ্বিতীয়টো পদক। ২০২২ চনত টকিঅ’ত ব্ৰঞ্জৰ পদক লাভ কৰি ছেমি ফাইনেলত একেটা মালয়েছিয়ান যুটিৰ হাতত পৰাস্ত হৈছিল। এইবাৰ তেওঁলোকে সেই পৰাজয়ৰ প্ৰতিশোধ ল’লে।
এই জয়ৰ লগে লগে ২০১১ চনৰ পৰা প্ৰতিখন বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰাৰ ভাৰতৰ পৰম্পৰাও অক্ষত হৈ থাকিল।
ভাৰতীয় যুটিটোৱে মেচখন উজ্জ্বলভাৱে আৰম্ভ কৰি প্ৰথমখন খেলত দীঘলীয়া ৰেলীৰ সুযোগ লৈ ১১-৬ ব্য়ৱধানত অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে প্ৰথমখন খেলত ২১-১২ ব্য়ৱধানত জয়লাভ কৰে। দ্বিতীয়খন খেলতো ভাৰতীয় খেলুৱৈসকলে আক্ৰমণাত্মকভাৱে খেলিছিল। অৱশ্যে ব্যৱধানৰ পিছত মালয়েছিয়াৰ যুটিটোৱে পুনৰ উভতি আহি ১৯-১৯ ব্য়ৱধানত সমতা স্থাপন কৰে। কিন্তু সাতৱিক আৰু চিৰাগে ধৈৰ্য্য ধৰি ৰাখি শেষৰ দুটা পইণ্ট লাভ কৰি মেচখনত জয়লাভ কৰে।
চিয়া-সোহৰ বিৰুদ্ধে ১৫খন মেচত ভাৰতীয় যুটিটোৱে চতুৰ্থটো জয়।
এতিয়া ছেমি ফাইনেলত সাতৱিক-চিৰাগে শনিবাৰে মুখামুখি হ’ব চীনৰ যুটি লি ইউ আৰু ব’ ইয়াং চেনৰ বিৰুদ্ধে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া