গোলাঘাট, ১৮ আগষ্ট (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিত এক ভয়ানক ঘটনা সংঘটিত হৈছে । ৰঙামাটি মাজলাইনত স্বামীৰ দাৰ ঘাপত পুৱা প্ৰাণ হেৰুৱালে পত্নীয়ে । হত্যাকাৰী স্বামীৰ নাম পাপু ৰবিদাস বুলি জনা গৈছে।
ইফালে মৃত মহিলাগৰাকীৰ নাম অনিতা ৰবিদাস বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে স্বামী পাপু ৰবিদাসে। অৱশ্যে কি কাৰণে পাপু ৰবিদাসে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই l
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু