নাজিৰাৰ মেজেঙ্গাত ক্ষুদ্ৰ ব্যৱসায়ীক ধন দাবী
দাবী কৰা ধন নাপাই ব্যৱসায়ীৰ গাড়ী লৈ উধাও।
নাজিৰাৰ মেজেঙ্গাত ক্ষুদ্ৰ ব্যৱসায়ীক ধন দাবী


শিৱসাগৰ, ১৮ আগষ্ট (হি.স.): নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মেজেঙ্গা তিনিআলিত এজন ক্ষুদ্ৰ ব্যৱসায়ীক দাবী কৰা ধন নাপাই ব্যৱসায়ী জনৰ গাড়ীখনকে লৈ উধাও হয় আৰু অৱশেষত দুয়োৰে মাজত বাক-বিতন্দা সৃষ্টি হোৱাৰ পিছত ব্যৱসায়ী জনৰ গাড়ীখন জ্বলাই ক্ষতি সাধন কৰাৰ ঘটনা সংঘটিত হৈছে । ঘটনা মৰ্মে উক্ত সময়ত মেজেঙ্গাৰ জেলিউল হুছেইন নামৰ ক্ষুদ্ৰ ব্যৱসায়ী জনে নিজৰ দোকানলৈ বুলি এএছ ০১ ডব্লিউ ৩৮৮৪ নম্বৰৰ চেনট্ৰ'জেন গাড়ীখনেৰে মেজেঙ্গা তিনিআলিৰ এখন দোকানৰ পৰা মৰটন আৰু চটলেটৰ চাৰি কাৰ্টুন ক্ৰয় কৰি গাড়ীৰ ভিতৰত ৰাখি অন্য বস্তু ক্ৰয় কৰিবলৈ পুনৰ দোকানখনৰ ভিতৰলৈ যায় । সেই সময়তে মেজেঙ্গা নতুন মছজিদৰ সন্মূখৰ নিবাসী চেলিম ওৰফে চামিদ আলী নামৰ ব্যক্তিজনে দোকানখনলৈ আহি জেলিউল হুছেইনক ধন দাবী কৰে ।

হুছেইনে ধন দিবলৈ অমান্তি হোৱাত দোকানখনৰ টেবুলতে ৰখা চেনট্ৰ'জেন গাড়ীখনৰ চাবিটো লৈ ততাতৈয়াকৈ গাড়ীখনলৈ উধাও হয় । পিছে পিছে খেদিগৈ চেলিম আলীৰ ঘৰৰ ওচৰৰ তেওঁৰ দোকানৰ সন্মূখন গাড়ীখন ৰখোৱাত দুয়োৰে মাজত বাক - বিতন্দা হয় । ইয়াৰ মাজতে চেলিম আলীয়ে চেনট্ৰ'জেন গাড়ীখনত পেট্ৰ'ল ঢালি অগ্নি সংযোক কৰাত গাড়ীখনৰ লগতে বস্তু বোৰ ক্ষতি সাধন হয় । এই ঘটনাৰ সন্দৰ্ভত চেলিম আলীৰ বিৰুদ্ধে ক্ষুদ্ৰ ব্যৱসায়ী জেলিউল হুছেইনে নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । ঘটনাৰ সন্দৰ্ভত নাজিৰাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande