নগাঁৱৰ ধিঙত আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ চক্ৰৰ তিনিজনীয়া দল
নগাঁও, ১৭ আগষ্ট (হি.স.)। নগাঁৱত আৰক্ষীৰ জালত পৰিছে কুখ্যাত গাড়ী চোৰ চক্ৰৰ এটা দল । ধিঙৰ আহোম গাঁও আৰক্ষীৰ জালত পৰে কুখ্যাত গাড়ী চোৰ চক্ৰৰ তিনিজনীয়া এটা দল । আৰক্ষীয়ে জুৰীয়া দগাঁৱৰ মেহফাচ আলম শ্বাহ, নয়নজ্যোতি শইকীয়া আৰু জখলাবন্ধাৰ শ্ৰীবাস্তৱ শইক
আটক


নগাঁও, ১৭ আগষ্ট (হি.স.)। নগাঁৱত আৰক্ষীৰ জালত পৰিছে কুখ্যাত গাড়ী চোৰ চক্ৰৰ এটা দল । ধিঙৰ আহোম গাঁও আৰক্ষীৰ জালত পৰে কুখ্যাত গাড়ী চোৰ চক্ৰৰ তিনিজনীয়া এটা দল । আৰক্ষীয়ে জুৰীয়া দগাঁৱৰ মেহফাচ আলম শ্বাহ, নয়নজ্যোতি শইকীয়া আৰু জখলাবন্ধাৰ শ্ৰীবাস্তৱ শইকীয়াক আটক কৰিছে যদিও এই গাড়ী চোৰ চক্ৰৰ মূল নায়ক ধিঙৰ শ্বালকাটিৰ আশ্বিকুৰ ৰহমান বৰ্তমানেও পলাতক হৈ আছে ।

আহোম গাঁও আৰক্ষীয়ে লাহৰিজানৰ পৰা চুৰি গাড়ী সহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই তিনি যুৱকক । জানিব পৰা মতে, ধিঙৰ ছালকাটিৰ দিলদাৰ হুছেইনৰ বাসগৃহৰ পৰা এএছ এছচি ৯৭১৭ নম্বৰৰ বলেৰ পিকআপ বাহন খন চুৰি কৰি ডিমাপুৰলৈ লৈ থকা অৱস্থাত আহোমগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি লাহৰিজানৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰে তিনি যূৱকক।

বৰ্তমান আহোম গাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গাড়ী চোৰ চক্ৰটোক ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande