হোজাই, ১৭ আগষ্ট (হি.স.)। হোজাইৰ যমুনা মৌদাংগা কৃষি পাম নিগমত দেওবাৰে পুৱতি নিশা নকল নোটৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই এজন জাল নোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটোৰ নাম আবুল কাচেম বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰী জনৰ কৱলৰ পৰা উদ্ধাৰ ১১ টা পাছশ টকীয়া নকল নোটৰ বান্দিল।
আৰক্ষীয়ে ধৃত আবুল কাচেমৰ কৱলৰ পৰা মুঠ ৫. ৫০ লাখ টকাৰ জাল নোট উদ্ধাৰ কৰি জব্দ কৰাৰ লগতে নোট চপা কৰা বহু উকা কাগজো জব্দ কৰে আৰক্ষীয়ে । সৰবৰাহকাৰীজনে ক’ৰ পৰা কোন লোকক দিবলৈ এই নোটখিনি আনিছে সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত মোৰাঝাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান । সম্প্ৰতি সৰবৰাহকাৰী জনক মাৰাথন জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া