ঢেকীয়াখোৱাত বাসুদেৱ যন্ত্ৰ , বিশিষ্ট বিজ্ঞানী ড৹ উদ্ধৱ ভৰালীৰ ১৮১ নং উদ্ভাৱন
যোৰহাট, ১৭ আগষ্ট (হি.স.)। ঢেকীয়াখোৱা বৰনামঘৰত বাসুদেৱ যন্ত্ৰ l বিশিষ্ট বিজ্ঞানী ড৹ উদ্ধৱ ভৰালীৰ ১৮১ নং উদ্ভাৱন l লোকশিল্পী ড৹ ডলী দাসৰ পবিত্ৰ স্মৃতিত সুযোগ্য পুত্ৰ শংকৰ কৃষ্ণ দাসে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰদান কৰিল বাসুদেৱ যন্ত্ৰ নামৰ এক মাহ
ঢেকীয়াখোৱাত বাসুদেৱ যন্ত্ৰ l বিশিষ্ট বিজ্ঞানী ড৹ উদ্ধৱ ভৰালীৰ ১৮১ নং উদ্ভাৱন l


যোৰহাট, ১৭ আগষ্ট (হি.স.)। ঢেকীয়াখোৱা বৰনামঘৰত বাসুদেৱ যন্ত্ৰ l বিশিষ্ট বিজ্ঞানী ড৹ উদ্ধৱ ভৰালীৰ ১৮১ নং উদ্ভাৱন l লোকশিল্পী ড৹ ডলী দাসৰ পবিত্ৰ স্মৃতিত সুযোগ্য পুত্ৰ শংকৰ কৃষ্ণ দাসে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰদান কৰিল বাসুদেৱ যন্ত্ৰ নামৰ এক মাহ ধোৱা যন্ত্ৰ l

আজি শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তি।কালিলৈ পৰা সমগ্ৰ ৰাজ্যৰ নামঘৰ,সত্ৰসমূহ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব।প্ৰতিজন অসমীয়াই পবিত্ৰ মাহ হিচাপে গণ্য কৰে এই ভাদ মাহটোক আৰু নিজৰ পৰিয়াল তথা আত্মীয় স্বজন দেশ বা সমাজৰ মংগল কামনাৰে ভাদ মাহত বিশেষভাৱে নেদেখাজনৰ চৰণত শৰাই নৈবদ্য আগবঢ়াই।কিন্তু বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে শৰাই ব্যৱহৃত বুট, মাহ পৰিষ্কাৰ কৰিবলৈ আইসকলৰ সময়ৰ অভাৱ হোৱাৰ সমান্তৰালকৈ বহু নৱপ্ৰজন্মৰ মহিলাই মাহ ধোৱাৰ তৰিকা অৱগত নহয়।

সেয়ে এনেবোৰ সমস্যাৰ বাবে যাতে গুৰুমুখী প্ৰসাদৰ পৰা কোনো ভকত বৈষ্ণৱ বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিশিষ্ট বিজ্ঞানী ড৹ উদ্ধৱ ভৰালীয়ে এটি মাহ ধোৱা যন্ত্ৰ আৱিষ্কাৰ কৰিলে আৰু আজি সংক্ৰান্তিৰ দিনা বিয়লি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাইজৰ সুবিধা হোৱাকৈ বাসুদেৱ যন্ত্ৰ নামৰ এক মাহ ধোৱা যন্ত্ৰটো অসমৰ বিশিষ্ট লোকশিল্পী ড৹ ডলী দাসৰ অভিযন্তা পুত্ৰ শংকৰ কৃষ্ণ দাসে তেখেতৰ মাতৃৰ পবিত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে মাত্ৰ ৩০ চেকেণ্ডৰ ভিতৰত এই যন্ত্ৰত ৫ কেজি পৰ্যন্ত মাহ ধোৱ পাৰিব আৰু ইয়াত প্ৰয়োজনীয় পানীৰ পৰিমাণ অতি নগন্য। ইপিনে এই যন্ত্ৰৰ মূল্য মাত্ৰ ১৩০০০ টকা বুলি উদ্ভাৱক ভৰালীয়ে সদৰি কৰি কয় যে এয়া মোৰ ১৮১ নম্বৰ আৱিষ্কাৰ। ইয়াৰ পূৰ্ব মই পকা মিঠৈ প্ৰস্ততৰ এটি যন্ত্ৰ আৱিষ্কাৰ কৰিছোঁ যিটো ৰাইজে আঁকোৱালি লৈছে।

এইদৰে যন্ত্ৰ আৱিষ্কাৰ কৰি বিক্ৰী কৰি যি সামান্য লাভাংশ পাওঁ সেই টকাৰে মই ইতিমধ্যে এখন প্ৰয়োগিক বিজ্ঞানৰ বিদ্যালয় স্থাপন কৰাৰ যো-জা কৰিছোঁ আৰু এই বিদ্যালয়ত অসমৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰয়োগিক বিজ্ঞানৰ পাঠ দিয়া হ'ব যিটো আমাৰ বাবে অধিক লাভজনক তথা যুৱপ্ৰজন্মৰ স্বাৱলম্বীতাৰ পথ সুগম হ'ব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande