শোণিতপুৰ, ১৮ আগষ্ট (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাত নিশা অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱক জনৰ নাম বিকাশ বিৰুৱা। ঘৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত যোগি বিলত।
নিশাৰ ভাগত বিকাশ বৰুৱাই ৰঙাপৰা-বালিপৰা সংযোগী পথৰে ফুলবাৰী চাহ বাগিচাৰ পৰা এ এছ -১২ এ ই- ৫৪৯৪ নম্বৰৰ মটৰ চাইকেলখন চলাই গৃহ অভিমুখে গৈ থকাৰ অৱস্থাত ৰঙাপৰা মহাবিদ্যালয়ৰ সমীপত বিপৰীত দিশৰ পৰা আহি থকা কোনো অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়। ফলত যুৱকজনৰ থিতাতে মৃত্যু ঘটে। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা