গুৱাহাটী, ১৮ আগষ্ট (হি.স.)। সদ্যজাত শিশু এটিও এতিয়া সুৰক্ষিত নহয় ৰাজ্যৰ আটাইতকৈ বৃহৎ চিকিৎসালয় চিকিৎসা পৰিকাঠামো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত। জন্মহৈ পৃথিৱীৰ পোহৰ দেখিবলৈয়ে নাপালে এটি শিশুৱে চৰম অসাৱধানতাৰ ফলত মৃত্যু হল এটি নৱজাতকৰ।
জি এম চি এইছৰ ইতিহাসত কালিমা সনা এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে নহয় দেশৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদ্যোজাত যতন কক্ষত কি দৰে মৃত্যু হ’ব পাৰে এটি নৱজাতকৰ। এই প্ৰশ্নই এতিয়া জুমুৰি মাৰি ধৰিছে প্ৰত্যেক সচেতন লোকৰ মন মগজুত। যি চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক সা সৰঞ্জাম, যন্ত্ৰাংস, আন্তগাঠনিক লৈ গৌৰৱ কৰা হয় তাতে এনে ঘটনা সংঘটিত হোৱাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইফালে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। সদ্যোজাত যতন কক্ষত এই দুৰ্ভাগ্যজনক ঘটনাৰ উচিৎ তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। তদন্তৰ বাবে তিনিজনীয়া কমিতি গঠন কৰি দিয়া হৈছে। অতিৰিক্ত মুখ্য সচিব চুইটি ছাংচন, ডি এম ই, ডা: অনুপ বৰ্মন আৰু এইমছৰ শিশু ৰোগ বিশেষজ্ঞ (এইচ অ ডি ) জয় শংকৰকে ধৰি তিনিজনীয়া তদন্ত কমিতি গঠন কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এয়া অতি দুৰ্ভাগ্যজনক কথা। ইফালে আজি ৯ বজাত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব জি এইম চি এইচ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী