গোৱালপাৰা, ১৮ আগষ্ট (হি.স.)। গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দেওঁশিলাত আঘাতপ্ৰাপ্ত বন্যহস্তীটোৰ অৱশেষত বন বিভাগে বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। ড্ৰোণ কেমেৰাৰ সহায়ত জলাপাৰাত আহত বন্যহস্তীটোৰ সন্ধান লাভ কৰা হৈছে৷ বন বিভাগৰ লোকে দেওঁশিলা সংৰক্ষিত বনাঞ্চলত আহত হাতীটোক চিকিৎসা কৰিবলৈ সন্ধানত নামি পৰিছিল আৰু গোটেই নিশা বন্যহস্তীটোক নিৰীক্ষণত ৰাখিছে বনকৰ্মীৰ দলে।
ইপিনে নিশা বন্যহস্তীটো দেওঁশিলা সংৰক্ষিত বনাঞ্চলৰ জলাপাৰাৰ পৰা বুঢ়াবুঢ়ী সংৰক্ষিত বনাঞ্চলত আহি অৱস্থান গ্ৰহণ কৰিছে আৰু হাতীটোৰ সৈতে আন দুটা হাতীও লগ হৈছে।
ইফালে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চিকিৎসকৰ দল আহি উপস্থিত হৈছে ৰংজুলিত। কিছু সময়ৰ পাছতে শৰবিদ্ধ বন্য হস্তীটোক বন বিভাগে ঘৰচীয়া হাতীৰ সহায়ত ট্ৰেংকুলাইজ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি বন বিভাগৰ লোকে জানিবলৈ দিছে ৷ অৱশ্যে আহত হাতীটোৰ সৈতে আন দুটা হাতী লগ হোৱাত আন এক সমস্যাৰ সৃষ্টি হৈছে।
আহত হাতীটোক ধৰাৰ বাবে ইতিমধ্যে দুটা কুন্তী হাতী (ঘৰচীয়া হাতী) মণিমালা আৰু জয়মালা আহি পাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা