হৰি নামৰ ধ্বনিৰে মুখৰিত মাজুলী সত্ৰ-নামঘৰ
মাজুলী, ১৮ আগষ্ট (হি.স.)। আজি পহিলা ভাদ। হৰি নামৰ ধ্বনিৰে মুখৰিত মাজুলী সত্ৰ-নামঘৰ। আজিৰ পৰা মাহ জোৰা আৰম্ভ হৈছে হৰি নাম কীৰ্ত্তন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আৰু বদলা আতাৰ তিৰোভাৱ তিথিৰ লগতে অনুষ্ঠিত হৱ শ
হৰি নামৰ ধ্বনিৰে মুখৰিত মাজুলী সত্ৰ-নামঘৰ


মাজুলী, ১৮ আগষ্ট (হি.স.)। আজি পহিলা ভাদ। হৰি নামৰ ধ্বনিৰে মুখৰিত মাজুলী সত্ৰ-নামঘৰ। আজিৰ পৰা মাহ জোৰা আৰম্ভ হৈছে হৰি নাম কীৰ্ত্তন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আৰু বদলা আতাৰ তিৰোভাৱ তিথিৰ লগতে অনুষ্ঠিত হৱ শ্ৰীকৃষ্ণৰ জনাষ্টমী।

১৪ প্ৰসংগৰ উপৰিও ২ প্ৰসংগ অতিৰিক্ত পৰিবেশন হৱ সত্ৰ সমূহত। ঐতিহাসিক উত্তৰ কমলাবাৰী নতুন কমলাবাৰী সত্ৰত গুৰু কীৰ্তন হিচাপে ৪ দিনীয়াকৈ পালন হৱ গুৰু দুজনাৰ তিথিৰ লগতে বদলা আতাৰ তিথি। সত্ৰীয়া সংস্কৃতিৰ সম্ভাৰ পৰিবেশ হৱ ঐতিহাসিক কমলাবাৰী সত্ৰত। গুৰু দুজনাৰ সৃষ্ট নৃত্য-নাট গীত বাদ্য আদি পৰিবেশন হৱ এই ভাদ মাহতে।

আনহাতে আন আন সত্ৰ সমূহতো থিয় নাম হিয়া নাম সংকীৰ্তন,দিহানাম আদি সমূহ পৰিবেশন হৱ। পুৱা উষা কীৰ্ত্তনৰ পৰা বিয়লি আই সকলৰ নাম আৰু সন্ধিয়া পুৰুষ সকলৰ থিয় নামলৈকে পাল পাতি পৰিবেশন কৰিব। তিনি প্ৰহৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰ নামঘৰ। মাজুলীৰ ৩৫ খন ঐতিহাসিক সত্ৰৰ লগতে ৩ শতাধিক নামঘৰত ভাদ মাহতো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব। পবিত্ৰ ভাদ মাহতে গুৰু দুজনাৰ সৃষ্ট সকলো সত্ৰীয়া সম্ভাৰ পৰিবেশন হৱ। ঐতিহাসিক আদি এলেঙী সত্ৰতো আৰম্ভ হৈছে ভদীয়া নাম ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande