ৰূপহীহাট আমৰাকান্দাত সংঘটিত অগ্নি কাণ্ডত দোকান ভস্মিভূত
নগাঁও, ১৮ আগষ্ট (হি.স.)। নিশা ৰূপহীহাটৰ আমৰাকান্দাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আমৰাকান্দাৰ হৰমুজ আলী নামৰ লোকজনৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। প্ৰায় দুই লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হৈ পৰে। জুইৰ লেলিহান শিখাৰ পৰা একো উদ্ধাৰ ক
ৰূপহীহাট আমৰাকান্দাত সংঘটিত অগ্নি কাণ্ডত দোকান ভস্মিভূত


নগাঁও, ১৮ আগষ্ট (হি.স.)। নিশা ৰূপহীহাটৰ আমৰাকান্দাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আমৰাকান্দাৰ হৰমুজ আলী নামৰ লোকজনৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। প্ৰায় দুই লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হৈ পৰে। জুইৰ লেলিহান শিখাৰ পৰা একো উদ্ধাৰ কৰিব পৰা নগল। সকলো ভস্মীভূত হৈ পৰে বিধ্বংসী অগ্নি কাণ্ডত। হৰমুজ আলীৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল দোকান খন।

ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় দোকান খন।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande