নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। সৱল বৈশ্বিক সংকেত, ঘৰুৱা শ্বেয়াৰ বজাৰৰ উত্থান আৰু ডলাৰ সূচকাংকৰ দুৰ্বলতাৰ বাবে আজি আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হয়। আজি ভাৰতীয় মুদ্ৰা ২৭ পইচা জঁপিয়াই ডলাৰৰ বিপৰীতে ৮৭.৪৫ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে মঙলবাৰৰ দিনটোত ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৭.৭২ টকাত বন্ধ হৈছিল।
টকাৰ আজিৰ ব্যৱসায়ো সৱলতাৰে আৰম্ভ হয়। আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ডলাৰৰ বিপৰীতে ৭ পইচা বৃদ্ধিৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৭.৬৫ টকাত ব্যৱসায় আৰম্ভ হয়। আজিৰ ব্যৱসায় আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে বজাৰত ঋণাত্মক পৰিৱেশৰ সৃষ্টি হয়, যাৰ বাবে টকা ১ পইচা হ্ৰাস পাই ৮৭.৭৩ৰ স্তৰত উপনীত হয়। কিন্তু দুপৰীয়া ১২ বজাৰ পিছত শ্বেয়াৰ বজাৰৰ শক্তিশালী পুনৰুদ্ধাৰ আৰু বিদেশী বিনিয়োগকাৰীয়ে ক্ৰয় কৰাৰ বাবে মুদ্ৰা বজাৰতো ডলাৰৰ প্ৰবাহ বৃদ্ধি পায়। ডলাৰৰ প্ৰবাহ বৃদ্ধিৰ লগে লগে টকাৰ মূল্য নিম্ন স্তৰৰ পৰা ৩২ পইচা বৃদ্ধি পাই ৮৭.৪১ টকাৰ স্তৰত উপনীত হয়। গোটেই দিনটোৰ ব্যৱসায়ৰ অন্তত ডলাৰৰ বিপৰীতে ২৭ পইচা বৃদ্ধিৰে আজিৰ মূল্য ৮৭.৪৫ ত সমাপ্ত হয়।
ফৰেক্স বজাৰ বিশেষজ্ঞসকলৰ মতে ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৈঠকক লৈ বিনিয়োগকাৰীসকল অতিশয় উৎসাহিত হৈছে। একেদৰে এইবাৰ আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে (ইউ এছ ফেড) সুতৰ হাৰ কমাব বুলিও আশা কৰা হৈছে। এই দুটা কাৰণৰ বাবেই বিশ্বৰ বজাৰত উৎসাহৰ পৰিবেশ বিৰাজ কৰিছে আৰু ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বজাৰত বৃহৎ বিনিয়োগৰ বাবে বিনিয়োগকাৰীয়ে পুনৰবাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
কেপেক্স গোল্ড এণ্ড ইনভেষ্টমেণ্টছৰ চিইঅ’ ৰাজীৱ দত্তই কয় যে বিশ্বব্যাপী সমৰ্থনৰ সমান্তৰালভাৱে ঘৰুৱা ফ্ৰণ্টত খুচুৰা মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ ফলত ভাৰতীয় বজাৰৰ প্ৰতি বিনিয়োগকাৰীৰ আস্থাও বৃদ্ধি পাইছে, যাৰ বাবে ডলাৰৰ প্ৰবাহ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও আজি ডলাৰৰ সূচকাংকত ০.৩৭ শতাংশ দুৰ্বলতাই মুদ্ৰা বজাৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
আজিৰ মুদ্ৰা বজাৰৰ ব্যৱসায়ত ডলাৰৰ বিপৰীতে টকাই সৱলতা দেখুৱাইছিল যদিও আন বেছিভাগ প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ প্ৰদৰ্শন দুৰ্বল আছিল। আজিৰ ব্যৱসায়ৰ অন্তত ব্ৰিটিছ পাউণ্ডৰ বিপৰীতে টকাৰ মূল্য ৬৬ পইচা হ্ৰাস পাই ১১৮.৭২ৰ স্তৰত উপনীত হয়। একেদৰে আজি ইউৰোৰ বিপৰীতে টকা ৭৮ পইচা হ্ৰাস পাই ১০২.৫৮ৰ স্তৰত উপনীত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া