নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হ’বলগা ব্যৱসায়িক সপ্তাহত প্ৰাথমিক বজাৰখন ব্যাপক হোৱাৰ আশা কৰা হৈছে। এই সপ্তাহত কমেও ৮টা কোম্পানীয়ে মুকলি কৰিছে আই পি অ’। ইয়াৰে ৫টা আই পি অ’ মেইনব’ৰ্ড ছেগমেণ্টৰ, বাকী ৩টা আই পি অ’ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। ইয়াৰ উপৰিও কাইলৈৰ পৰা আৰম্ভ হোৱা নতুন সপ্তাহত ৬টা কোম্পানীয়ে ষ্টক মাৰ্কেটত তালিকাভুক্ত হৈ নিজৰ কাম-কাজ আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াৰে ২টা কোম্পানী মেইনবৰ্ড ছেগমেণ্টৰ।
ষ্টুডিঅ’ এল এছ ডিৰ ৭৪.২৫ কোটি টকাৰ আই পি অ’ ১৮ আগষ্টত সপ্তাহটোৰ প্ৰথমটো ট্ৰেডিং ডে’ত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২০ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰত ৫১ টকাৰ পৰা ৫৪ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ২০০০ শ্বেয়াৰ। ২৫ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।
পিছদিনা ১৯ আগষ্টত পেটেল ৰিটেইলৰ ২৪২.৭৬ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত মূল্যৰ বেণ্ড ২৩৭ টকাৰ পৰা ২৫৫ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৫৮ টা শ্বেয়াৰ। ২৬ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।
একেদিনাই বিক্ৰম সোলাৰৰ ২০৭৯.৩৭ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’বলৈ গৈ আছে। এই আই পি অ’ত ২১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্যৰ বেণ্ড ৩১৫ টকাৰ পৰা ৩৩২ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৪৫ টা শ্বেয়াৰ। ২৬ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।খোজ ১৯ আগষ্টত জেম এৰ’মেটিকছৰ ৪৫১.২৫ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ৩০৯ টকাৰ পৰা ৩২৫ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৪৬ টা শ্বেয়াৰ। ২৬ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।
একেদৰে শ্রীজী শ্বিপিং গ্ল’বেল লিমিটেডৰ ৪১০.৭১ কোটি টকাৰ আই পি অ’ চাবস্ক্রিপচনৰ বাবে মুকলি হ’ব৷ এই আই পি অ’ত ২১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতিটো শ্বেয়াৰৰ মূল্য বেণ্ড ২৪০ টকাৰ পৰা ২৫২ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৫৮ টকা। ২৬ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব। ইয়াৰ উপৰিও এল জি টি বিজনেছ কানেকচনৰ ২৮.০৯ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতিটো শ্বেয়াৰৰ মূল্য ১০৭ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১২০০ শ্বেয়াৰ। ২৬ আগষ্টত বিএছইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত কৰা হ’ব।
সপ্তাহটোৰ তৃতীয় ব্যৱসায়িক দিন ২০ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব মংগল ইলেক্ট্ৰিকেলৰ ৪০০ কোটি টকাৰ আই পি অ’। এই আই পি অ’ত ২২ আগষ্টলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্য ৫৩৩ টকাৰ পৰা ৫৬১ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ২৬ টা শ্বেয়াৰ। ২৮ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।একেদৰে ক্লাছিক ইলেক্ট্ৰ’ডছৰ ৪১.৫১ কোটি টকাৰ আইপিঅ’ সপ্তাহটোৰ শেষ ব্যৱসায়িক দিন ২২ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৬ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতিটো শ্বেয়াৰৰ মূল্য ৮২ টকাৰ পৰা ৮৭ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১৬০০ শ্বেয়াৰ। ২৯ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।
নতুন তালিকাভুক্তকৰণৰ ক্ষেত্ৰত যিমানদূৰলৈকে মেডিষ্টেপ হেল্থকেয়াৰ আৰু এএনবি মেটাল কাষ্টৰ শ্বেয়াৰসমূহ সপ্তাহৰ প্ৰথম দিনটো অৰ্থাৎ ১৮ আগষ্টত এনএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব।পিছদিনা ১৯ আগষ্টত ব্লুষ্টোন জুৱেলাৰীৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব আৰু ষ্টক মাৰ্কেটত নিজৰ কাৰ্য্যকলাপ আৰম্ভ হ’ব। একেদিনাই আইক’ডেক্স পাব্লিছিং ছলিউচনৰ শ্বেয়াৰ বিএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব। সপ্তাহটোৰ তৃতীয়টো ব্যৱসায়িক দিন ২০ আগষ্টত ৰিগেল ৰিচ’ৰ্ছৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব। সেইদিনা এন এছ ইৰ এছ এম ই প্লেটফৰ্মত মহিন্দ্ৰা ৰিয়েল্টৰৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া