নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৫ টা কোম্পানীৰ মাৰ্কেট কেপ ৬০ হাজাৰ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ভাৰতীয় ষ্টেট বেংক আৰু এইচ ডি এফ চি বেংকে সৰ্বাধিক লাভৱান হয়। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ৫টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ৩৯ হাজাৰ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত ভাৰতীয় জীৱন বীমা নিগমৰ সৰ্বাধিক লোকচান হৈছে।
এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচডিএফচি বেংক, ভাৰতী এয়াৰটেল, ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইনফ’ছিছৰ শীৰ্ষ ১০টা কোম্পানীৰ মাৰ্কেট কেপ ৬০,৬৭৫.৯৪ কোটি টকা বৃদ্ধি পাইছে। আনহাতে ভাৰতীয় জীৱন বীমা নিগম (এল আই চি), টাটা কনছালটেন্সি চাৰ্ভিচেছ (টি চি এছ), আই চি আই চি আই বেংক, হিন্দুস্তান ইউনিলিভাৰ বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৩৯,৬০৯.৮৩ কোটি টকা হ্ৰাস পাইছে।
১১ আগষ্টৰ পৰা ১৪ আগষ্টৰ ভিতৰত হোৱা ব্যৱসায়ৰ সময়ত ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ২০,৪৪৫.৮২ কোটি টকা বৃদ্ধি পাই ৭,৬৩,০৯৫.১৬ কোটি টকা হয়। একেদৰে এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ১৪,০৮৩.৫১ কোটি টকা জপিয়াই ১৫,২৮,৩৮৭.০৯ কোটি টকা হয়। ইয়াৰ উপৰিও ইনফ’ছিছৰ মাৰ্কেট কেপ ৯,৮৮৭.১৭ কোটি টকা বৃদ্ধি পাই ৬,০১,৩১০.১৯ কোটি টকা, ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৮,৪১০.৬ কোটি টকা জপিয়াই ১০,৬৮,২৬০.৯২ কোটি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৭,৮৪৮.৮৪ কোটি টকা বৃদ্ধি পাই ১৮,৫৯,০২৩.৪৩ কোটি টকা।
আনহাতে ভাৰতীয় জীৱন বীমা নিগমৰ বজাৰ মূল্য ১৫,৩০৬.৫ কোটি টকা হ্ৰাস পাই ৫,৬১,৮৮১.১৭ কোটি টকা হৈছে। একেদৰে বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ৯,৬০১.০৮ কোটি টকা হ্ৰাস পাই ৫,৩৫,৫৪৭.৪৪ কোটি টকা, আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৬,৫১৩.৩৪ কোটি টকা হ্ৰাস পাই ১০,১৮,৯৮২.৩৫ কোটি, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ)ৰ মাৰ্কেট কেপ ৪,৫৫৮.৭৯ কোটি টকা হ্ৰাস পায় ১০,৯৩,৩৪৯.৮৭ কোটি টকা আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৩,৬৩০.১২ কোটি টকা হ্ৰাস পাই ৫,৮৩,৩৯১.৭৬ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আছিল ১৮,৫৯,০২৩.৪৩ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচন (মাৰ্কেট কেপ) দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,২৮,৩৮৭.০৯ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১০,৯৩,৩৪৯.৮৭ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১০,৬৮,২৬০.৯২ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,১৮,৯৮২.৩৫ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট ৭,৬৩,০৯৫.১৬ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,০১,৩১০.১৯ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৮৩,৩৯১.৭৬ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৬১,৮৮১.১৭ কোটি টকা) আৰু বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৬১,৮৮১.১৭ কোটি টকা)। ৫,৩৫,৫৪৭.৪৪ কোটি) টকাৰ মূল্যৱান শীৰ্ষ ১০ টা কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া