গ্ৰীণ মাৰ্কত মুকলি হ’ল ষ্টক মাৰ্কেট, চেন্সেক্স ১০২০ পইণ্টেৰে উত্থান
নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন সোমবাৰে সেউজ মাৰ্কত মুকলি হয় শ্বেয়াৰ বজাৰ। প্ৰাৰম্ভিক ব্যৱসায়ত বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) চেন্সেক্সৰ মূল্য ১,০২০.৮৮ পইণ্ট অৰ্থাৎ ১.২৭ শতাংশ জঁপিয়াই ৮১,৬১৮.৫৩ টকাত ব্যৱসায় কৰা হৈছ
शेयर बाजार के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন সোমবাৰে সেউজ মাৰ্কত মুকলি হয় শ্বেয়াৰ বজাৰ। প্ৰাৰম্ভিক ব্যৱসায়ত বম্বে ষ্টক এক্সচেঞ্জ (বিএছই) চেন্সেক্সৰ মূল্য ১,০২০.৮৮ পইণ্ট অৰ্থাৎ ১.২৭ শতাংশ জঁপিয়াই ৮১,৬১৮.৫৩ টকাত ব্যৱসায় কৰা হৈছে। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিও ৩৫৬.০০ পইণ্ট অৰ্থাৎ ১.৪৫ শতাংশ বৃদ্ধিৰে ২৪,৯৮৭.৩০ পইণ্টত ট্ৰেণ্ডিং কৰি আছে।

৩০টা চেন্সেক্স ষ্টকৰ ভিতৰত ২৫টা ষ্টক বৃদ্ধি আৰু ৫টা ষ্টক তললৈ। মাৰুতি চুজুকিৰ শ্বেয়াৰ ৭.৫ শতাংশ আৰু বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ৬ শতাংশ বৃদ্ধি। একে সময়তে আল্ট্ৰাটেক চিমেণ্ট, বাজাজ ফিনচাৰ্ভ, এম এণ্ড এমৰ ষ্টক পাঁচ শতাংশ বৃদ্ধি পাইছে। একেদৰে ৫০টা নিফটি ষ্টকৰ ভিতৰত ৪৫টা ষ্টক বৃদ্ধি পাইছে। এন এছ ইৰ সকলো সূচকাংক বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে যোৱা সপ্তাহত শুকুৰবাৰে ১৫ আগষ্ট তাৰিখে বন্ধ আছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত উত্থান ঘটিছিল। ৫৮ পইণ্ট বৃদ্ধিৰে ৮০,৫৯৮ পইণ্টত বন্ধ হয় চেন্সেক্স। একে সময়তে নিফটিয়ে ১২ পইণ্ট বৃদ্ধিৰে ২৪,৬৩১ত বন্ধ হয়।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande