ডলাৰৰ বিপৰীতে সুদৃঢ় টকা, ভাৰতীয় মুদ্ৰা ২১ পইচা বৃদ্ধিৰে বন্ধ
নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। ভাৰতৰ ক্ৰেডিট ৰেটিং বৃদ্ধি, খাৰুৱা তেলৰ মূল্য হ্ৰাস আৰু দেশত অৰ্থনৈতিক সংস্কাৰৰ গতি বৃদ্ধি পোৱাৰ সম্ভাৱনা আজি ভাৰতৰ মুদ্ৰা বজাৰত স্পষ্টভাৱে দেখা গ’ল। মুদ্ৰা বজাৰত ইতিবাচক পৰিৱেশ আৰু ঘৰুৱা শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগক
ডলাৰ–ভাৰতীয় মুদ্ৰা


নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। ভাৰতৰ ক্ৰেডিট ৰেটিং বৃদ্ধি, খাৰুৱা তেলৰ মূল্য হ্ৰাস আৰু দেশত অৰ্থনৈতিক সংস্কাৰৰ গতি বৃদ্ধি পোৱাৰ সম্ভাৱনা আজি ভাৰতৰ মুদ্ৰা বজাৰত স্পষ্টভাৱে দেখা গ’ল। মুদ্ৰা বজাৰত ইতিবাচক পৰিৱেশ আৰু ঘৰুৱা শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীৰ ক্ৰয়ৰ বাবে আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য অধিক শক্তিশালীভাৱে বন্ধ হৈ পৰে। ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ২১ পইচা জপিয়াই ৮৭.৩৫ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ অন্তিম ব্যৱসায়িক দিন বৃহস্পতিবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি ডলাৰত ৮৭.৫৬ টকাত বন্ধ হৈছিল।

টকাৰ আজিৰ ব্যৱসায়ো শক্তিশালীভাৱে আৰম্ভ হয়। আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ৮৭.৪৬ টকাত ডলাৰৰ বিপৰীতে ১০ পইচা বৃদ্ধিৰে ভাৰতীয় মুদ্ৰাৰ ব্যৱসায় আৰম্ভ হয়। আজিৰ ব্যৱসায় আৰম্ভ হোৱাৰ পাছতে টকাৰ মূল্য সামান্য হ্ৰাস পাই ৮৭.৪৮ৰ স্তৰত উপনীত হয় যদিও ইয়াৰ পিছত বজাৰত ইতিবাচক পৰিৱেশৰ বাবে ২৪ পইচা বৃদ্ধি পাই ৮৭.৩২ৰ স্তৰত উপনীত হয়। গোটেই দিনটোৰ ব্যৱসায়ৰ অন্তত ডলাৰৰ বিপৰীতে ২১ পইচা জঁপিয়াই আজিৰ মূল্য ৮৭.৩৫ত সমাপ্ত হয়।

ফৰেক্স মাৰ্কেটৰ বিশেষজ্ঞ তথা টিএনভি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ তৰ্কেশ্বৰ নাথ বৈষ্ণৱে বিশ্বাস কৰে যে এছ এণ্ড পিৰ দ্বাৰা ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নত কৰাৰ বাবে ভাৰতীয় বজাৰত বিদেশী বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি পাইছে। ইয়াৰ বাবে দেশত দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী উভয় বিদেশী বিনিয়োগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱ আজি শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীয়ে ক্ৰয় কৰাৰ ৰূপতো দেখা গৈছিল, যাৰ বাবে মুদ্ৰা বজাৰতো ডলাৰৰ প্ৰবাহ বৃদ্ধি পাইছিল। ইয়াৰ সমান্তৰালকৈ খাৰুৱা তেলৰ মূল্য হ্ৰাসেও আজি টকাক সমৰ্থন কৰে। এই কাৰণেই আজি গোটেই দিনটো আন বিদেশী মুদ্ৰাৰ তুলনাত টকাৰ ব্যৱসায় প্ৰবলভাৱে হোৱা দেখা গ’ল।

আজিৰ মুদ্ৰা বজাৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য শক্তিশালী প্ৰদৰ্শনৰ লগতে অন্যান্য প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে শক্তিশালী প্ৰদৰ্শন কৰা দেখা গৈছে। আজিৰ ব্যৱসায়ৰ অন্তত ৮৮ পইচা বৃদ্ধি পাই ব্ৰিটিছ পাউণ্ডৰ বিপৰীতে ১১৮.৩২ টকাৰ স্তৰত উপনীত হয়। একেদৰে আজি ইউৰোৰ বিপৰীতে টকা ৩০ পইচা বৃদ্ধি পাই ১০১.৯৯ৰ স্তৰত উপনীত হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande