২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হোৱাৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰেঃ গোৱেল
গোৱেলে কয় - অৰ্থনৈতিক বিকাশৰ বাবে ১০০ দিনীয়া কাৰ্যসূচীত কাম অব্যাহত আছে নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰতক দ্ৰুতগতিত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে অহা ১০০ দিনৰ পৰিৱৰ্তনৰ এজেণ্
বিশ্ব অৰ্থনৈতিক সন্মিলনত ভাৰ্চুৱেলি ভাষণ দিয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে


গোৱেলে কয় - অৰ্থনৈতিক বিকাশৰ বাবে ১০০ দিনীয়া কাৰ্যসূচীত কাম অব্যাহত আছে

নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰতক দ্ৰুতগতিত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে অহা ১০০ দিনৰ পৰিৱৰ্তনৰ এজেণ্ডাত চৰকাৰে কাম কৰি আছে। ভাৰত বিশ্বৰ আটাইতকৈ জনপ্ৰিয় গ্ৰাহক বজাৰ আৰু শীৰ্ষ বিনিয়োগৰ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হোৱাৰ পৰা বিশ্বৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

লণ্ডনত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক সন্মিলনত ভাৰ্চুৱেলি ভাষণ দিয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে। তেওঁ কয় যে তেওঁৰ মন্ত্ৰালয়ে দেশৰ অৰ্থনৈতিক বিকাশ আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে পৰৱৰ্তী ১০০ দিনৰ পৰিৱৰ্তনৰ কাৰ্যসূচীৰ ওপৰত কাম কৰি আছে। লগতে তেওঁ কয় যে চৰকাৰে সহজ ব্যৱসায় আৰু সহজ-সৰল জীৱনৰ প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অহা ১০০ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত দিয়া আহ্বান মানি চলিব, য’ত ভাৰতক দ্ৰুত গতিত আগুৱাই নিব বুলি কোৱা হৈছে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত জাতিৰ দৃষ্টিভংগী কাৰ্যকৰী কৰাৰ আহ্বান জনাইছে, ঘোষিত ‘পঞ্চ প্ৰাণ’ অনুসৰণ কৰি আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন সমৃদ্ধিশালী আৰু উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দায়িত্ব প্ৰতিজন নাগৰিকে গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

তেওঁ আৰু কয় যে এই প্ৰচেষ্টাৰে ১৪০ কোটি ভাৰতীয়ই এটা দল, পৰিয়াল হিচাপে একত্ৰিত হ’ব, ঔপনিৱেশিক মানসিকতা নিৰ্মূল কৰিব, ভাৰতৰ চহকী ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাক সন্মান কৰিব। ইয়াৰ সমান্তৰালকৈ আমি জাতিৰ ঐক্য আৰু অখণ্ডতাৰ ওপৰত গুৰুত্ব দিম। গোৱালে কয় যে আজি পুৱা এখন বৈঠকত আমি সামূহিকভাৱে সংকল্প লৈছো যে ২০৪৭ চনৰ ভিতৰত ভাৰতক দ্ৰুতগতিত আগুৱাই নিয়াৰ লগতে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী কাৰ্যকৰী কৰিম।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande