আগষ্ট মাহতো বিক্ৰেতাৰ ভূমিকা অব্যাহত, এতিয়ালৈকে উলিয়ালে ২১ হাজাৰ কোটি টকা
নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। আমেৰিকাৰ সৈতে বাণিজ্যিক উত্তেজনা বৃদ্ধি, টকাৰ মূল্য দুৰ্বলতা আৰু কোম্পানীসমূহৰ ত্ৰিমাসিক ফলাফল দুৰ্বল হোৱাৰ বাবে আগষ্ট মাহতো বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী (এফপিআই) বিক্ৰেতাৰ ভূমিকাত থাকিল। চলিত মাহৰ মুঠ ১০টা ব্যৱসায়িক
আগষ্ট মাহতো বিক্ৰেতাৰ ভূমিকা অব্যাহত, এতিয়ালৈকে উলিয়ালে ২১ হাজাৰ কোটি টকা


নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। আমেৰিকাৰ সৈতে বাণিজ্যিক উত্তেজনা বৃদ্ধি, টকাৰ মূল্য দুৰ্বলতা আৰু কোম্পানীসমূহৰ ত্ৰিমাসিক ফলাফল দুৰ্বল হোৱাৰ বাবে আগষ্ট মাহতো বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী (এফপিআই) বিক্ৰেতাৰ ভূমিকাত থাকিল। চলিত মাহৰ মুঠ ১০টা ব্যৱসায়িক দিনৰ ভিতৰত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে বিক্রী কৰি ঘৰুৱা শ্বেয়াৰ বজাৰৰ পৰা প্রায় ২১ হাজাৰ কোটি টকা উলিয়াইছে৷

ডিপ’জিটৰীটোৰ তথ্য অনুসৰি ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ১০ ব্যৱসায়িক দিনত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে বিক্রী কৰি ঘৰুৱা শ্বেয়াৰ বজাৰৰ পৰা নিকা ৩০,৯২৪ কোটি টকা উলিয়ালে৷ এইদৰে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ঘৰুৱা শ্বেয়াৰ বজাৰৰ পৰা মুঠ ১.১ লাখ কোটি টকা উলিয়াইছে। আনকি আগষ্টৰ আগৰ জুলাই মাহতো বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ষ্টক বিক্ৰী কৰি ঘৰুৱা শ্বেয়াৰ বজাৰৰ পৰা ১৭,৭৪১ কোটি টকাৰ নিকা উলিওৱা হৈছিল। কিন্তু চলিত বৰ্ষৰ মাৰ্চৰ পৰা জুন মাহলৈকে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ইতিবাচক মনোভাৱ দেখুৱাই ঘৰুৱা শ্বেয়াৰ বজাৰতো ৩৮,৬৭৩ কোটি টকাৰ নিকা বিনিয়োগ কৰে।

ধামী ছিকিউৰিটিজৰ উপ-সভাপতি প্ৰশান্ত ধামীৰ মতে, কোম্পানীসমূহৰ ত্ৰিমাসিক ফলাফল দুৰ্বল আৰু টকাৰ দুৰ্বলতাৰ লগতে আমেৰিকাৰ শুল্কক লৈ উত্তেজনাৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰত ধাৰাবাহিকভাৱে নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছিল। ধামীৰ মতে, বিশ্ব অৰ্থনীতিৰ অনিশ্চয়তা আৰু আমেৰিকাৰ শুল্কক লৈ হোৱা বিভ্ৰান্তিয়ে বজাৰৰ পৰিৱেশ আটাইতকৈ বেছি বেয়া কৰি তুলিছিল। ইয়াৰ লগতে আমেৰিকা আৰু অন্যান্য উন্নত অৰ্থনীতিৰ সুতৰ হাৰৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু নিত্য বৃদ্ধি পোৱা বিভ্ৰান্তিয়ে বিদেশী বিনিয়োগকাৰীৰ মাজত বিপদ ব্যৱস্থাপনাৰ ভাৱনাকো দুৰ্বল কৰি তুলিছে।

ইয়াৰ উপৰিও জুলাইৰ শেষৰ ফালে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছিল। ইয়াৰ পাছতে আমেৰিকাই ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতক জৰিমনা আৰু ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰি আতংক আৰু বজাৰত বিক্ৰীৰ পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ বাবেই বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰীসকলে ৰিস্ক-এভাৰ্ছ নীতি গ্ৰহণ কৰিছিল আৰু ঘৰুৱা ষ্টক মাৰ্কেটৰ পৰা বিনিয়োগ উলিওৱাত অধিক মনোনিৱেশ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande