এছবিআইয়ে বৃদ্ধি কৰিলে গৃহ ঋণৰ সুতৰ হাৰ
নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। ভাৰতৰ সৰ্ববৃহৎ ঋণদাতা ষ্টেট বেংক অৱ ইণ্ডিয়াই ২০২৫ চনৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ গৃহ ঋণ (হোম লোন) আৰু গৃ-সম্পৰ্কীয় ঋণৰ সুতৰ হাৰ সংশোধন কৰিছে। এই হাৰৰ পুনৰীক্ষণ ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ আগষ্ট মাহৰ মুদ্ৰানীতিৰ ঘ
ষ্টেট বেংক অৱ ইণ্ডিয়া


নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। ভাৰতৰ সৰ্ববৃহৎ ঋণদাতা ষ্টেট বেংক অৱ ইণ্ডিয়াই ২০২৫ চনৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ গৃহ ঋণ (হোম লোন) আৰু গৃ-সম্পৰ্কীয় ঋণৰ সুতৰ হাৰ সংশোধন কৰিছে। এই হাৰৰ পুনৰীক্ষণ ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ আগষ্ট মাহৰ মুদ্ৰানীতিৰ ঘোষণাত নিজৰ মূল বেঞ্চমাৰ্ক সুতৰ হাৰ (ৰেপো ৰেট) ৫.৫৫% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছত কৰা হৈছে।

এছবিআইৰ গৃহ ঋণৰ সুতৰ হাৰৰ সংশোধিত তথ্য অনুসৰি নিয়মীয়া গৃহ ঋণ (টাৰ্ম লোন)ৰ সুতৰ হাৰ বৰ্তমান ৭.৫০%ৰ পৰা ৮.৭০% লৈ বৃদ্ধি কৰা হৈছে।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি এছ বি আইয়ে উচ্চ সুতৰ হাৰৰ বেণ্ড ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৮.৭০%লৈ বৃদ্ধি কৰিছে, যিটো পূৰ্বে ৮.৪৫% আছিল। কিন্তু গৃহ ঋণৰ হাৰৰ নিম্ন সীমা অপৰিৱৰ্তিত হৈ আছে।

ভাৰতত গৃহ ঋণৰ সুতৰ হাৰ বেংক অনুসৰি ভিন্ন হয়, পি এন বি ৭.৪৫%, কেনাৰা বেংক ৭.৪০%ৰ পৰা ১০.২৫%, আৰু এছ বি আইৰ সংশোধিত হাৰ ৮.৭০%। এইচডিএফচি আৰু আইচিআইচিআইৰ দৰে আন বেংকসমূহেও ঋণৰ পৰিমাণ আৰু গ্ৰাহকৰ প্ৰফাইলৰ ওপৰত ভিত্তি কৰি প্ৰতিযোগিতামূলক হাৰ আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande