ফকিৰাগ্রামত ৰথযাত্ৰা উদযাপন সম্পন্ন
ফকিৰাগ্রামত ৰথযাত্ৰা উদযাপন সম্পন্ন৷
ফকিৰাগ্রামত ৰথযাত্ৰা উদযাপন সম্পন্ন


কোকৰাঝাৰ, ০৬ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকি অন্তর্গত ফকিৰাগ্রাম ৰথযাত্ৰা উদযাপন যোৱাকালি শনিবাৰে বিয়লি সম্পূৰ্ণৰূপে ৰীতি নীতিৰে পালন কৰি সম্পন্ন কৰা হয়। উল্লেখ্য যে ২৭ জুনৰ পৰা আৰম্ভ হোৱা এই ৰথ যাত্ৰাত ভগৱান জগন্নাথ, সুভদ্ৰা, বলৰামক ৯ দিন ফুৰাবলৈ নিজৰ মাহিয়েকৰ ঘৰলৈ কুমাৰগঞ্জ বজাৰৰ পৰা ৰাধাগোবিন্দো মন্দিৰ হৈ ফকিৰাগ্রাম লোকনাথ মন্দিৰত আহি উপস্থিত হয়।

ইফালে ৮দিন উকলি যোৱাৰ পিছত যোৱাকালি বিয়লি আকৌ শ শ ভক্তসকলৰ উপস্থিতিত ফকিৰাগ্রাম লোকনাথ মন্দিৰৰ পৰা জগন্নাথ, সুভদ্ৰা, বলৰাম ৰথত মাহিয়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতি যায়। এই যাত্ৰা সফল কৰি তোলাৰ বাবে ৰথযাত্ৰা সমিতিৰ সভাপতিয়ে আৰু সম্পদকে ফকিৰাগ্রাম ৰাইজক ধন্যবাদ জনায় আৰু অঞ্চলটোত মংগল কামনাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande