শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ তম জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰত প্ৰতিমুৰ্তি উন্মোচন বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ
কোকৰাঝাৰ, ০৬ জুলাই (হি.স.)। কোকৰাঝাৰ সদৰ চহৰত আজি অমৰ শ্বহীদ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ তম জন্ম জয়ন্তী দিৱসৰ সৈতে সংগতি ৰাখি বৃহৎ প্ৰতিমুৰ্তি উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লগতে এই শুভ মূহুৰ্তত “ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পিতামহ, ভা
কোকৰাঝাৰত শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ তম জন্ম জয়ন্তীৰ লগত সংগতি প্ৰতিমুৰ্তি উন্মোচন বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীৰ ।


কোকৰাঝাৰ, ০৬ জুলাই (হি.স.)। কোকৰাঝাৰ সদৰ চহৰত আজি অমৰ শ্বহীদ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ তম জন্ম জয়ন্তী দিৱসৰ সৈতে সংগতি ৰাখি বৃহৎ প্ৰতিমুৰ্তি উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লগতে এই শুভ মূহুৰ্তত “ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পিতামহ, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী” শীৰ্ষক এখন বিশেষ কিতাপ উন্মোচন কৰে।

উক্ত কিতাপ খন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনৰ ৰাজনৈতিক জীৱন আৰু ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদানৰ ওপৰত আধাৰিত। উক্ত অনুষ্ঠানত বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক সিংহী , বিজনীৰ বিধায়ক অজয় ৰায় , কোকৰাঝাৰ পৌৰসভাৰ পৌৰপতি প্ৰতিভা ব্ৰহ্ম আদিৰ লগতে সংঘৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande