ডিফু-মানজা ৰোডত বলেৰ’ আৰু অ’টো ভেনৰ মাজত ভয়ংকৰ সংঘৰ্ষ
ডিফু-মানজা ৰোডত বলেৰ’ আৰু অ’টো ট্ৰাকৰ মাজত ভয়ংকৰ এক্সিডেণ্ট, চিচিটিভিত ধৰা পৰে লাইভ দৃশ্য ।
ডিফু-মানজা ৰোডত বলেৰ’ আৰু অ’টো ভেনৰ মাজত ভয়ংকৰ সংঘৰ্ষ


কাৰ্বি আংলং, ০৭ জুলাই (হি.স.): ডিফু-মাঞ্জা ৰোডৰ শিৱ মন্দিৰৰ সন্মুখত থকা কাঞ্চ ৰিছৰ্টৰ ওচৰত যোৱা কালি দেওবাৰে আবেলি এখন বলেৰ’ (নং এডি ০৯ এইচ ৩৮৪৭) আৰু এখন পানীৰ বটলৰে ভৰ্তি অ’টো ভেন (নং এএছ ০৯ এচি ৯২২৬)ৰ মাজত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটো চিচিটিভি ফুটেজত স্পষ্টকৈ ধৰা পৰে।

চিচিটিভি ফুটেজত দেখা যায় যে দুৰ্ঘটনাটো এখন অ’টো, অ’টো ট্ৰাক আৰু বলেৰ’ৰ মাজত হয়। সৌভাগ্যবশতঃ, অ’টোখন একেবাৰে ৰক্ষা পৰে ।

চাক্ষুষদৰ্শীয়ে জনাইছে যে বলেৰ’খন মানজা দিশে গৈ আছিল আৰু অ’টো ট্ৰাকখন ডিফু অভিমুখে আহি আছিল। তেতিয়াই এই সংঘৰ্ষটো হয়। উক্ত বলেৰ’খনত ৭ জন যাত্ৰী আছিল। তেখেতসকলৰ ভিতৰত চালকজন আৰু এজনী মহিলাই গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় আৰু আনসকলৰ সামান্য আঘাত হয়। সকলোকে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্তি কৰোৱা হয়।

স্থানীয় ৰাইজে এই পথত অহৰহ দুৰ্ঘটনা হোৱা বুলি উদ্বেগ প্ৰকাশ কৰি চৰকাৰক বাতায়ন নিয়ন্ত্রণ আৰু নিরাপত্তা ব্যৱস্থা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande