সাহিত্যিক, শিক্ষাবিদ কটন মহাবিদ্য়ালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ দেহাৱসান
গুৱাহাটী,০৬ জুলাই(হি.স.)। সাহিত্যিক কটন মহাবিদ্য়ালয়ৰ প্ৰাক্তন অধ্যক্ষ- অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান। তেও একেধাৰে শিক্ষাবিদ, ইতিহাসবিদ হিচাপে পৰিচয় লাভ কৰি শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত
সাহিত্যিক, শিক্ষাবিদ কটন মহাবিদ্য়ালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ দেহাৱসান


গুৱাহাটী,০৬ জুলাই(হি.স.)। সাহিত্যিক কটন মহাবিদ্য়ালয়ৰ প্ৰাক্তন অধ্যক্ষ- অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান। তেও একেধাৰে শিক্ষাবিদ, ইতিহাসবিদ হিচাপে পৰিচয় লাভ কৰি শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা উদয়াদিত্য ভৰালীয়ে দক্ষিণ শৰণীয়াৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। ১ ছেপ্টেম্বৰ ১৯৪৭ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে ১৯৬৮-২০০৩ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ইতিহাস বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩-২০০৬ লৈ কটন কলেজৰ অধ্য়ক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে, ১৯৯৬ চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল অধ্যাপক ভৰালীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। প্ৰাচীন অসমৰ ইতিহাস সম্পৰ্কে এক অভিনৱ দৃষ্টি আৰু ব্যাখ্যা দিয়াৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালী আছি অদ্বিতীয়। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক ব্যক্ত কৰিছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande